NORTHEAST NOW (Assamese)
দেশ

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 19, 2026 10:28 pm

“ইমান দিনে মানুহক ভুল বুজোৱা হৈছে, একপ্ৰকাৰ শাকৰে মাছ ঢাকিবলৈ চেষ্টা চলোৱা হৈছে।”, কলিকতা বিশ্ববিদ্যালয়ত আয়োজিত পশ্চিমবংগ দিৱস পালনৰ অনুষ্ঠানত উপস্থিত থাকি ঠিক এইদৰেই সৰৱ হৈ পৰে ৰাজ্যখনৰ উচ্চশিক্ষামন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়। দায়িত্ব গ্ৰহণ কৰাৰ পিছত এইবাৰেই প্ৰথম কলিকতা বিশ্ববিদ্যালয়ত উপস্থিত হয় তেওঁ। প্ৰথম দিনাই বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য তথা প্ৰবাদপ্ৰতীম জননেতা শ্যামাপ্ৰসাদ মুখোপাধ্যায়ক লৈ এক উদাত্ত ভাষণ আগবঢ়ায় মন্ত্ৰীগৰাকীয়ে।

উক্ত অনুষ্ঠানত শ্যামাপ্ৰসাদ মুখোপাধ্যায়ৰ অৱদান সুঁৱৰি বিশ্ববিদ্যালয়খনৰ বৰ্তমানৰ উপাচাৰ্য আশুতোষ ঘোষে স্পষ্টকৈ জনায় যে, শ্যামাপ্ৰসাদ নথকা হ’লে হয়তো আজিৰ পশ্চিমবংগ ৰাজ্যৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন। উপাচাৰ্যৰ এই মন্তব্যৰ প্ৰেক্ষাপটত উচ্চশিক্ষামন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়ে কয় যে, ৰাজ্যত আজি ৰাজনৈতিক পৰিৱৰ্তন আহিছে বাবেই কলিকতা বিশ্ববিদ্যালয়ৰ উপাচাৰ্যই সেই কথাবোৰ ক’বলগীয়া হৈছে, যিবোৰ ইমান দিনে বিজেপিয়ে কৈ আহিছিল।

নিজৰ বক্তব্য প্ৰদান কৰি ৰাজ্যখনৰ পূৰ্বৰ চৰকাৰক তীব্ৰ কটাক্ষ কৰে মন্ত্ৰীগৰাকীয়ে। তেওঁৰ মতে, ইমান দিনে প্ৰকৃত ইতিহাসক লুকুৱাই ৰাখি মানুহক ভুল বুজোৱা হৈছিল। পৰিৱৰ্তনৰ পিছত বৰ্তমানৰ চৰকাৰে এতিয়া স্কুল, কলেজ আৰু বিশ্ববিদ্যালয়সমূহত পশ্চিমবংগ দিৱসৰ সঠিক ইতিহাস আৰু প্ৰেক্ষাপট চৰ্চা কৰাৰ নিৰ্দেশ দিছে। বিশ্ববিদ্যালয়ক মুক্ত চিন্তাৰ পীঠস্থান হিচাপে উল্লেখ কৰি তেওঁ পূৰ্বৰ চৰকাৰৰ উদ্দেশ্যি সমালোচনা কৰি কয় যে, যেতিয়া ভোটবেংক হাতৰ পৰা ওলাই যোৱাৰ উপক্ৰম হয়, ঠিক তেতিয়াহে দীঘাত জগন্নাথ মন্দিৰ, শিলিগুৰিত মহাকাল মন্দিৰ বা নিউটাউনত দুৰ্গা মন্দিৰ নিৰ্মাণ কৰাৰ কথা মনলৈ আহে।

উপাচাৰ্য আশুতোষ ঘোষে জানিবলৈ দিয়ে যে, ছাৰ আশুতোষ মুখোপাধ্যায়ৰ পৰা আৰম্ভ কৰি ১৯৪৭ চনলৈকে কলিকতা বিশ্ববিদ্যালয়ৰ সকলো উপাচাৰ্যৰ কামৰ বিৱৰণ ইতিমধ্যে সংৰক্ষণ কৰা হৈছে আৰু আগন্তুক দিনত বাকী উপাচাৰ্যসকলৰ নথিপত্ৰও একেদৰেই সংৰক্ষণ কৰা হ’ব। বিশ্ববিদ্যালয়ৰ আটাইতকৈ কনিষ্ঠ উপাচাৰ্য হিচাপে ছাৰ আশুতোষ মুখোপাধ্যায়ৰ যোগদানৰ পত্ৰসহ আন আন স্মৃতিবিজড়িত বস্তুবোৰ বিশ্ববিদ্যালয় প্ৰাংগণত বিশেষভাৱে সংৰক্ষণ কৰাৰ চিন্তা-চৰ্চা চলি আছে।

অনুষ্ঠানৰ সমান্তৰালভাৱে সেইদিনা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আৰু শিক্ষক সংগঠনৰ সদস্যসকলৰ সৈতে কিছু সময় বৈঠকত মিলিত হয় উচ্চশিক্ষামন্ত্ৰীগৰাকী। তাত মূলতঃ শিক্ষকৰ অভাৱ বা আন্তঃগাঁথনিমূলক বিভিন্ন সমস্যাৰ কথা মন্ত্ৰীগৰাকীৰ আগত দাঙি ধৰে শিক্ষকসকলে। সকলো কথা শুনাৰ পিছত মন্ত্ৰীয়ে নিৰ্দেশ দিয়ে যে শিক্ষক, অধ্যাপক আৰু ছাত্ৰ-ছাত্ৰীসকলৰ ঠিক কি কি সমস্যা আছে আৰু বিশ্ববিদ্যালয়ৰ সামগ্ৰিক উন্নতিৰ বাবে কি প্ৰয়োজন, তাৰ এখন সুনিৰ্দিষ্ট তালিকা প্ৰস্তুত কৰি উচ্চশিক্ষা বিভাগত জমা দিব লাগে। সূত্ৰৰ খবৰ অনুসৰি, উপাচাৰ্যই অতি সোনকালেই সেই তালিকা প্ৰস্তুত কৰি মন্ত্ৰীক সাক্ষাৎ কৰিব আৰু ৰাজ্যৰ উচ্চশিক্ষামন্ত্ৰীয়ে এই সকলো সমস্যা দ্ৰুত সমাধানৰ ক্ষেত্ৰত পূৰ্ণ আশ্বাস প্ৰদান কৰিছে।