NORTHEAST NOW (Assamese)
দেশ

‘Honour Killing’! প্ৰেমৰ সম্পৰ্ক ৰখাৰ বাবেই যুৱতীক হত্যা কৰিলে পিতৃয়ে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 12, 2022 8:31 pm
Honour Killing

পৰিয়ালৰ তথাকথিত সন্মান ৰক্ষাৰ বাবে নিজ সন্তানক কৰা হত্যাই জোকাৰিছে উত্তৰ প্ৰদেশ। এজন যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্কত বান্ধ খোৱাৰ বাবেই এগৰাকী ২০ বৰ্ষীয় যুৱতীক হত্যা কৰিছে নিজ পিতৃয়ে। খোদ পিতৃয়েই স্বীকাৰ কৰিছে এই নৃশংস হত্যাকাণ্ডৰ কথা।

যোৱা ৯ ছেপ্টেম্বৰত উত্তৰ প্ৰদেশৰ শামলি জিলাৰ ঝিঞ্জনা অঞ্চলৰ অন্তৰ্গত শ্যামলী শ্যামলা নামৰ এখন গাঁৱত এই হত্যাকাণ্ড সংঘটিত হৈছে। ইতিমধ্যে হত্যাকাৰী পিতৃক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

জিলাখনৰ আৰক্ষী অধীক্ষক কুমাৰ অভিষেকে জানিবলৈ দিয়া মতে হিমানীৰ নামৰ ২০ বৰ্ষীয় যুৱতীগৰাকীৰ পিতৃ প্ৰমোদ কুমাৰে নিজৰ অপৰাধ স্বীকাৰ কৰিছে। কুমাৰে আৰক্ষীৰ আগত দিয়া ভাষ্য মতে হিমানীয়ে কিছুদিন পূৰ্বে প্ৰেমিক অজয় কাশ্যপৰ সৈতে পলাই গৈছিল।

কিন্তু কেইদিনমানৰ পিছতে যুৱতীগৰাকী পুনৰ নিজৰ ঘৰলৈ উভতি আহিছিল। পিতৃ প্ৰমোদে প্ৰমোদে পূৰ্বে যুৱতীগৰাকীক কেইবাবাৰো এই সম্পৰ্ক ত্যাগ কৰিবলৈ ধমকি দিছিল যদিও হিমানী সম্পৰ্ক ত্যাগ নকৰাৰ সিদ্ধান্তত অটল আছিল।

কিন্তু পলাই যোৱাৰ পিছত যেতিয়া যুৱতীগৰাকী ঘৰলৈ উভতি আহে, তেতিয়া পিতৃয়ে সমাজৰ আগত তেওঁলোকৰ পৰিয়ালৰ সন্মান কলুষিত হোৱা বুলি অনুভৱ কৰি এই লজ্জা নিবাৰণৰ নামত নিজ সন্তানক হত্যা কৰে।

ইতিমধ্যে আৰক্ষীয়ে যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰিছে। মৃতদেহটো ফৰেনচিক পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে বুলি আৰক্ষী অধীক্ষক কুমাৰ অভিষেকে লগতে উল্লেখ কৰে।