NORTHEAST NOW (Assamese)
অসম

প্ৰাক্তন কনিষ্ঠ সহকৰ্মীক হোটেললৈ আমন্ত্ৰণ; চিইঅ’ৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ যুৱতীৰ!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 15, 2024 2:21 pm
প্ৰাক্তন কনিষ্ঠ সহকৰ্মীক হোটেললৈ আমন্ত্ৰণ; চিইঅ’ৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ যুৱতীৰ!

দিল্লীৰ এটা ব্যক্তিগত কোম্পানীৰ চিইঅ’ৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপিত হৈছে। অভিযুক্তই কোম্পানীটোৰ এজন প্ৰাক্তন কনিষ্ঠ সহকৰ্মীক দিল্লীৰ এখন পাঁচ তাৰকাযুক্ত হোটেললৈ নিমন্ত্ৰণ কৰিছিল।

সাক্ষাৎ কৰাৰ নামত যুৱতীগৰাকীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে মুখ্য কাৰ্যবাহী বিষয়াগৰাকীৰ বিৰুদ্ধে। দেওবাৰে নিশা দিল্লীৰ চাণক্যপুৰী জিলাৰ এখন বিলাসী হোটেলত সংঘটিত হয় এই ঘটনা।

লগতে পঢ়কঃ ‘মন্দিৰ উদ্বোধনী অনুষ্ঠানত অযোধ্যালৈ নাহে শ্ৰীৰাম’; স্বপ্নাদেশ পালে লালু-পুত্ৰই!

আৰক্ষীৰ সূত্ৰ অনুসৰি, ভাৰতীয় মূলৰ এইগৰাকী যুৱতী আমেৰিকান নাগৰিক। সোধপোছৰ সময়ত যুৱতীগৰাকীয়ে আৰক্ষীক জনোৱা মতে, তেওঁৰ খুড়াক অভিযুক্তৰ সৈতে পৰিচিত। সেই ভিত্তিতে তেওঁ কোম্পানীত চাকৰি পাইছিল। সেই কোম্পানীটোত তেওঁ উচ্চ পদবীত কাম কৰিছিল।

দেওবাৰে হোটেলত লগ কৰি যুৱতীগৰাকীৰ ঘনিষ্ঠ হ’বলৈ চেষ্টা কৰিছিল অভিযুক্তই। যুৱতীগৰাকীৰ অভিযোগৰ তদন্ত আৰম্ভ কৰিছে দিল্লী আৰক্ষীয়ে।