NORTHEAST NOW (Assamese)

স্বামীক হত্যা কৰাৰ অপৰাধত গ্ৰেপ্তাৰ মহিলা আৰু তেওঁৰ প্ৰেমিক

July 23, 2024 8:38 am · এন ই নাও নিউজ, গুৱাহাটী
প্ৰতিনিধিত্বমূলক ফটো।

এক চাঞ্চল্যকৰ কাণ্ডত ত্ৰিপুৰাৰ খোৱাই জিলাত কিংকৰ দেবনাথ (৪৭) নামৰ লোকজনক হত্যা কৰাৰ অপৰাধত তেওঁৰ পত্নী আৰু প্ৰেমিকক গ্ৰেপ্তাৰ কৰা হয়।

১৯ জুলাইত স্বামীৰ মৃতদেহ ঘৰৰ পৰা প্ৰায় ১.৫ কিলোমিটাৰ দূৰত্বত থকা কাৰাইলং অঞ্চলত আৱিষ্কাৰ হোৱাৰ লগে লগে এই জঘন্য অপৰাধৰ কথা পোহৰলৈ আহে।

ত্ৰিপুৰা আৰক্ষীয়ে তদন্ত আৰম্ভ কৰাৰ লগে লগে তেওঁলোকে জানিব পাৰে যে পত্নী পূৰ্ণিমা দেৱনাথে অমিত ঘোষ নামৰ এজন ৰিয়েল এষ্টেট ডেভেলপাৰৰ সৈতে বিবাহ বহিৰ্ভূত প্ৰেমৰ সম্পৰ্ক ৰাখিছিল।

গোচৰটোত দুয়োকে মাতি আনি জেৰা কৰাত পূৰ্ণিমাই স্বীকাৰ কৰে যে তেওঁ স্বামীৰ পৰা মুক্তি পাবলৈ প্ৰেমিক অমিতৰ সৈতে হত্যাৰ পৰিকল্পনা ৰচনা কৰিছিল।

ফলস্বৰূপে ১৮ জুলাইৰ নিশা পূৰ্ণিমা আৰু অমিতে কিংকৰক ডিঙি চেপি হত্যা কৰি মৃতদেহটো কাৰাইলং অঞ্চলত পেলাই দিয়ে।

পূৰ্ণিমাই আৰক্ষীক জনোৱা মতে, তেওঁলোকৰ ঘৰটো পুনৰ নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰাৰ সময়তে অমিতৰ লগত সম্পৰ্কত জড়িত হৈ পৰে।

দুয়ো প্ৰেমিক এতিয়া আৰক্ষীৰ জিম্মাত।

Related News