NORTHEAST NOW (Assamese)
Popular Stories

প্ৰেমৰ প্ৰস্তাৱ নাকচ কৰাৰ বাবেই হত্যা, আৰক্ষীৰ জালত মনীষা বড়োৰ হত্যাকাৰী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 18, 2023 4:30 pm

যোৱা ১৩ এপ্ৰিল ৰঙালী বিহুৰ উৰুকাৰ দিনা শোণিতপুৰৰ এটি ভাৰাঘৰত বৰগাওঁ ঠেলামৰাৰ জীয়ৰী, মেধাৱী ছাত্ৰী তথা বৰ্তমান তেজপুৰস্থিত পঞ্জাৱ নেচনেল বেংকত কৰ্মৰত মনিষা বড়োক তেওঁৰ ভাৰাঘৰত দেৱাশীষ কৰ নামৰ যুৱক এজনে নৃশংসভাবে হত্যা কৰে।

সেইসময়ত মনিষা বড়ো নিজৰ প্ৰেমিক ৰিচাৰ্ড দলেৰ লগত আছিল। দেৱাশীষে মনীষাৰ প্ৰেমিক ৰিচাৰ্ড দলেকো অমানুষিকভাৱে মাৰধৰ কৰে বুলি জানিব পৰা গৈছে ।

অভিযোগ অনুসৰি মনীষাই দেৱাশীষৰ প্ৰেম প্ৰস্তাৱ গ্ৰহণ নকৰাৰ বাবেই মনীষাক হত্যা কৰে আৰু মনীষাৰ প্ৰেমিককো মাৰধৰ কৰে।

পৰিয়ালৰ লোকে দাবী কৰা মতে দেবাশীষে মনিষাক হত্যা কৰাৰ আগতে ধৰ্ষণো কৰিছিল। আনহাতে হত্যাকাৰী দেৱাশীষ কৰ শোণিতপুৰ জিলাৰ বজৰং দলৰ সভাপতি গৌতম কৰৰ ভাতৃ।

খবৰ অনুসৰি, চুবুৰীয়া ৰাজ্য পশ্চিম বংগৰ আলিপুৰদুৱাৰত আত্মগোপন কৰি আছিল দেৱাশীষ কাৰ। মঙলবাৰে হত্যাকাৰী দেৱাশীষক পশ্চিম বংগৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।