NORTHEAST NOW (Assamese)
অসম

মহানগৰীত মৃত্যুৰ সৈতে যুঁজিছে অগ্নিদগ্ধ বোৱাৰীয়ে,স্বামীক গ্ৰেপ্তাৰ আৰক্ষীৰ

Posted by: কল্পজ্যোতি শইকীয়া, গুৱাহাটী Updated by: কল্পজ্যোতি শইকীয়া, গুৱাহাটী February 4, 2022 2:56 pm
মহানগৰীত মৃত্যুৰ সৈতে যুঁজিছে অগ্নিদগ্ধ বোৱাৰীয়ে,স্বামীক গ্ৰেপ্তাৰ আৰক্ষীৰ

খ্ৰীষ্টানবস্তিৰ নিজ বাসগৃহত অগ্নিদগ্ধ অৱস্থাত উদ্ধাৰ নিকিতা আগৰৱালা খেমকা নামৰ এগৰাকী বোৱাৰী।

বৃহস্পতিবাৰে নিশা সংঘটিত হয় এই ঘটনা।

দীৰ্ঘদিন ধৰি স্বামী-স্বামী পৰিয়ালে শাৰীৰিক আৰু মানসিক নিৰ্যাতন কৰি অহাৰ অভিযোগ নিকিতাৰ পৰিয়ালৰ।

কৌশিক খেমকা নামৰ ব্যৱসায়ীৰ সৈতে ২০১৮ চনত বিবাহ পাশত আবদ্ধ হৈছিল নিকিতা।

অগ্নিদগ্ধ নিকিতাক সংকটজনক অৱস্থাত ভৰ্ত্তি কৰা হয় নেমকেয়াৰ হস্পিতালত।দেহৰ ৮০ শতাংশই জ্বলি গৈছে বোৱাৰীগৰাকীৰ।

সমগ্ৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে পৰিয়ালে দিছপুৰ থানাত দাখিল কৰিছে এজাহাৰ।

সমগ্ৰ ঘটনা সন্দৰ্ভত দিছপুৰ আৰক্ষীয়ে ইতিমধ্যে স্বামী কৌশিক খেমকাক আটক কৰিছে।

শেহতীয়া খবৰ অনুসৰি স্বামী কৌশিক খেমকাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।