NORTHEAST NOW (Assamese)

ছেলফী উঠিবলৈ গৈ সু-উচ্চ পাহাৰৰ পৰা তললৈ পিছলি পৰি মৃত্যু ঘটিল মহিলাৰ

November 6, 2020 2:38 pm · এন ই নাও নিউজ

লক ডাউনে স্থৱিৰ কৰি তোলা জীৱনলৈ নতুন গতি ওভতাই অনাৰ বাবেই পিকনিক খাবলৈ গৈছিল নীতু মাহেশ্বৰী নামৰ ৩০ বছৰীয়া মহিলা গৰাকীয়ে।

পৰিয়ালৰ লোকৰ সৈতে হাঁহি ধেমালি কৰি থকাৰ মাজতে নীতুৱে ছেলফী  উঠিবলৈ গৈছিল পাহাৰৰ শিখৰত থকা এটা শিলৰ ওপৰলৈ।

ইণ্ডোৰৰ পৰা ৫৫ কিলোমিটাৰ নিলগত অৱস্থিত জাম গেট নামৰ মনোৰম প্ৰাকৃতিক সৌন্দৰ্যৰে পৰিৱেষ্টিত অঞ্চলটোত থকা বিখ্যাত শিলটোৰ ওপৰত উঠি ইখনৰ পিছত সিখনকৈ ছেলফী উঠি গৈছিল মহিলা গৰাকীয়ে।

কিন্তু মহিলা গৰাকীৰ বাবে যেন কালে তাত চোপ লৈ আছিল। ছেলফী উঠি থকাৰ সময়তে হঠাতে ভৰি পিচলি মহিলা গৰাকী পাহাৰৰ কেইবা শ ফুট তললৈ পৰি গৈছিল।

বৃহস্পতিবাৰে সংঘটিত এই ঘটনাৰ পিছতে আৰক্ষীয়ে বহু বিচাৰ-খোচাৰ কৰি আজি নীতু মাহেশ্বৰী নামৰ মহিলা গৰাকীৰ ক্ষত-বিক্ষত মৃতদেহ পাহাৰৰ তলৰ হাবিৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

উল্লেখ্য ইয়াৰ পূৰ্বেও সেই শিলটোৰ পৰা ছেলফী তুলিবলৈ গৈ বহু কেইজন লোকৰ মৃত্যু ঘটিছে।

Related News