NORTHEAST NOW (Assamese)

গোৱালপাৰাত অঘটন: ভূঁই ৰুই ঘৰলৈ উভতাৰ পথতে বজ্ৰপাতত মৃত্যু যুৱতীৰ

August 9, 2022 6:19 pm · নীলমনি শর্মা, কৃষ্ণাই

গোৱালপাৰা জিলাৰ ধনুভাঙাত আজি পুৱাৰ ভাগত সংঘটিত হয় এক শোকাৱহ ঘটনা। অঞ্চলটোত বজ্ৰপাতত কৰুণভাৱে মৃত্যুক সাৱটি ল’বলগীয়া হৈছে এগৰাকী যুৱতীয়ে৷

ধনুভাঙাৰ মাদাং গাঁৱত পথাৰৰ পৰা ভূঁই ৰুই ঘৰলৈ গৈ থকা অৱস্থাতে বজ্ৰপাতত মৃত্যু হয় যুৱতী গৰাকীৰ৷ নিহত যুৱতী গৰাকীৰ নাম সংগীতা ৰাভা (২০) বুলি জানিব পৰা গৈছে৷

আনহাতে বজ্ৰপাতত আন এগৰাকী মহিলাও আহত হয়৷ ঘটনাস্থলীত ধূপধৰা আৰক্ষী উপস্থিত হৈ নিহত যুৱতী গৰাকীক উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে৷

লগতে আহত অনিমা ৰাভা নামৰ মহিলা গৰাকীক চিকিৎসালয়লৈ প্ৰেৰণ কৰে আৰক্ষীয়ে৷

সংগীতা ৰাভা নামৰ যুৱতী গৰাকীৰ আকস্মিক মৃত্যুক লৈ শোকাকুল পৰিবেশে বিৰাজ কৰিছে গাঁওখনত।

Related News