NORTHEAST NOW (Assamese)
অসম

কোকৰাঝাৰত চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক প্ৰহাৰ জিলা উপায়ুক্তৰ; চিকিৎলায়ত ভৰ্তি

Posted by: ৰিনয় বসুমতাৰী, কোকৰাঝাৰ Updated by: ৰিনয় বসুমতাৰী, কোকৰাঝাৰ January 29, 2023 10:27 am

কোকৰাঝাৰৰ উপায়ুক্ত কাৰ্যালয়ৰ এজন চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক এগৰাকী মহিলা আইএএছ বিষয়াই প্ৰহাৰ কৰাৰ পিছত চিকিৎসালয়ত ভৰ্তি কৰিব লগা হোৱাৰ অভিযোগ উঠিছে।

কোকৰাঝাৰৰ উপায়ুক্ত বাৰ্ণালী ডেকাই শনিবাৰে সন্ধিয়া উপায়ুক্ত কাৰ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী দীপক দাসক ‘তেওঁৰ বাবে সঠিকভাৱে খাদ্য অনা নাই’ বুলি প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে।

ঘটনাটোৱে কোকৰাঝাৰত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে আৰু উপায়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰীসকলে উপায়ুক্ত ডেকাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীত প্ৰতিবাদ আৰম্ভ কৰাৰ ভাবুকি দিছে।

উপায়ুক্তৰ কাৰ্যালয়ত পিয়ন হিচাপে কাম কৰি থকা দীপক দাস আইএএছ বিষয়াগৰাকীয়ে তেওঁক প্ৰহাৰ কৰা আৰু তেওঁৰ ওপৰত খাদ্যভৰ্তি লাঞ্চ বক্স দলিওৱাৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।দাস বৰ্তমান কোকৰাঝাৰৰ আৰএনবি চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

ইপিনে, বাৰে বাৰে চেষ্টা কৰিও উপায়ুক্ত বৰ্ণালী ডেকাৰ পৰা মন্তব্য গ্ৰহণ কৰিব পৰা নগ’ল।

অসম-মেঘালয় কেডাৰৰ ২০০৯ বৰ্ষৰ আইএএছ বিষয়া ডেকাই প্ৰায়ে উপায়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰীসকলৰ সৈতে দুৰ্ব্যৱহাৰ কৰে বুলি অভিযোগ কৰা হৈছে।

নাম প্ৰকাশ কৰিব নিবিচৰা এজন কৰ্মচাৰীয়ে কয়, “এইটো প্ৰথম বাৰৰ বাবে নহয়, আগতেও উপায়ুক্ত ডেকাই একাধিক বাৰ কৰ্মচাৰীসকলক গালি-গালাজ কৰিছিল।”