NORTHEAST NOW (Assamese)
দেশ

দলিত যুৱকৰ সৈতে বিয়াত বহাৰ ‘পাপ’! ৰাজহুৱাকৈ কৰা হ’ল ‘বিশুদ্ধিকৰণ’!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 31, 2021 6:19 pm
Madhya Pradesh woman purification case

স্বাধীনতাৰ ৭৫ বছৰৰ পাছতো দেশৰ পৰা নাশ হোৱা নাই জাতি-বৰ্ণৰ বৈষম্য। জাতি বৈষম্যই এতিয়াও ভাৰাক্ৰান্ত্ৰ কৰি ৰাখিছে একাংশ ভাৰতীয়ৰ মন।

এইবাৰ মধ্য প্ৰদেশত দেখিবলৈ পোৱা গৈছে জাতিগত বৈষম্যৰ বহিঃ প্ৰকাশ। এগৰাকী যুৱতীয়ে এগৰাকী দলিত যুৱকক বিয়া কৰাই চৰম লাঞ্ছনাৰ সন্মুখীন হৈছে।

দলিত যুৱকৰ সৈতে বিয়াত বহি কৰা ‘পাপ’ খণ্ডণৰ বাবে ৰাজহুৱাভাৱে ‘বিশুদ্ধকৰণ’ৰ নামত যুৱতীগৰাকীক মুণ্ডন কৰাৰ লগতে নৰ্মদা নদীৰ পানীত অৰ্ধ উলংগ হৈ গা ধুবলৈ বাধ্য কৰা হয়। এই গোটেই ‘বিশুদ্ধিকৰণ’ৰ প্ৰক্ৰিয়া যুৱতীগৰাকীৰ দেউতাকৰ তত্বাৱধানত কৰা হয়।

এনে লাঞ্ছনাৰ সন্মুখীন হোৱাৰ পাছত যুৱতীগৰাকী ঘৰৰ পৰা পলাই স্বামীৰ ওচৰলৈ ঘূৰি আহে আৰু তেওঁলাকৰ সুৰক্ষাৰ বাবে আৰক্ষীৰ কাষ চাপে।

সাক্ষী যাদৱ নামৰ ২৪ বৰ্ষীয় যুৱতীগৰাকীয়ে যোৱা বছৰ মাৰ্চত ২৭ বছৰীয়া অমিত আহিৰৱাৰক বিয়া কৰাইছিল। তেওঁলোকে মন্দিৰলৈ গৈ বিবাহ পাশত আৱদ্ধ হৈছিল। সাক্ষীৰ দেউতাক আৰু পৰিয়ালৰ সদস্য সকলে কোনো ধৰণে এই বিবাহত সমৰ্থন জনাবলৈ অস্বীকাৰ কৰিছিল।

সাক্ষী আৰু অমিতৰ বিবাহৰ বিষয়ে সাক্ষীৰ পৰিয়াল জ্ঞাত হোৱাৰ পিছতো চলিত বৰ্ষৰ জানুৱাৰীত সাক্ষীৰ দেউতাকে তেওঁৰ জীয়েকৰ নামত নিৰুদ্দেশ হোৱা বুলি প্ৰচাৰ কৰি আৰক্ষীক গোচৰ দিছিল।

আৰক্ষীৰ তত্বাৱধানত পৰিয়ালে সাক্ষীক ঘৰলৈ ঘূৰাই আনে আৰু স্বামীৰ সৈতে সম্পৰ্ক নাথাকিব বুলি বলপূৰ্বকভাৱে সাক্ষৰ কৰায়।

যুৱতীগৰাকীয়ে ফেব্ৰুৱাৰীত ঘৰ এৰি শিক্ষা সম্পূৰ্ণ কৰিবলৈ হোষ্টেললৈ গৈছিল। কিন্তু যুৱতীগৰাকীৰ দেউতাকে পুনৰ আগষ্টত ঘৰলৈ লৈ আহে আৰু তেতিয়াই তেওঁক ‘বিশুদ্ধিকৰণ’ কৰা হৈছিল।

বিশুদ্ধিকৰণৰ নামত সাক্ষীক মুণ্ডণ কৰোৱাৰ লগতে ৰাজহুৱাভাৱে নদীৰ পাৰত অৰ্ধ উলংগ হৈ গা ধুবলৈ বাধ্য কৰে পৰিয়ালে।

ঘটনাটো সংঘটিত হোৱাৰ পিছত সাক্ষী পিছত হোষ্টেললৈ উভতি আহিছিল কিন্তু স্বামীৰ সৈতে কোনো ধৰণে যোগাযোগ কৰাত ব্যৰ্থ হৈছিল। অৱশেষত যোৱা বৃহস্পতিবাৰে হোষ্টেলৰ পৰা পলাই গৈ সাক্ষীয়ে স্বামীক সাক্ষাত কৰে। সাক্ষী আৰু অমিতে সাক্ষীৰ পৰিয়ালৰ পৰা ভাবুকি লাভৰ ভয়ত আৰক্ষীৰ কাষ চাপে।

আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰাৰ পিছতহে যোৱা অক্টোবৰতে সংঘটিত ঘটনাটো পোহৰলৈ আহিছে।

আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৫০৬, ৫০৪, ৩৪ ধাৰাৰ অধীনত স্বেচ্ছাই আঘাত আৰু অপৰাধমূলক ভাবুকি দিয়াৰ অভিযোগত সাক্ষীৰ পিতৃ-মাতৃকে ধৰি পৰিয়ালৰ চাৰিজন সদস্যৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে।

সাক্ষীৰ স্বামী অমিতে অভিযোগ কৰে যে মহিলাগৰাকীৰ পৰিয়ালে তেওঁলোকক ভয়ানক পৰিণামৰ ভাবুকি দি আহিছে আৰু তেওঁক বিবাহ বিচ্ছেদ দিবলৈ হেঁচা দিছিল।

“আমি বিষয়টো তদন্ত কৰি আছো আৰু মহিলাগৰাকীৰ দাবীসমূহ পৰীক্ষা কৰিবলৈ চেষ্টা কৰি আছো।” আৰক্ষী অধীক্ষক চিমলা প্ৰসাদে কয়। লগতে তেওঁ গাওঁখনৰ স্থানীয় চৌকিৰ ভাৰপ্ৰাপ্ত বিষয়াজনক দম্পতীহালৰ সুৰক্ষা নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়া বুলি জানিবলৈ দিয়ে।