NORTHEAST NOW (Assamese)

ভাং সৰবৰাহকাৰীৰ সৈতে সম্পৰ্ক; ত্ৰিপুৰাত মহিলা আৰক্ষী কনিষ্টবল গ্ৰেপ্তাৰ

February 18, 2021 3:42 pm · এন ই নাও নিউজ

ভাং সৰবৰাহকাৰীৰ সৈতে থকা সম্পৰ্কৰ বাবে পশ্চিম ত্ৰিপুৰাত আৰক্ষীয়ে এগৰাকী মহিলা আৰক্ষী কনিষ্টবলক গ্ৰেপ্তাৰ কৰে।

গ্ৰেপ্তাৰ হোৱা আৰক্ষী মহিলা কনিষ্টবল গৰাকী গায়ত্ৰী দাস বুলি চিনাক্ত কৰা হৈছে। বুধবাৰে আগৰতলা চহৰত থকা নিজ বাসগৃহৰ পৰা গায়ত্ৰী দাসক আটক কৰা হয়।

গায়ত্ৰী দাসক পূৰ্বে ১৫ ফেব্ৰুৱাৰিত ভাং সৰবৰাহৰাকীৰ সৈতে থকা সম্পৰ্কৰ বাবে নিলম্বন কৰা হৈছিল।

ছ’চিয়েল মিডিয়াত কনিষ্টবল গায়ত্ৰী দাস আৰু ড্ৰাগছ মাফিয়া এজনৰ টেলিফোনিক বাৰ্তালাপ ভাইৰেল হোৱাৰ পাছতে পশ্চিম ত্ৰিপুৰা আৰক্ষীৰ আৰক্ষী অধীক্ষকে গায়ত্ৰী দাসক নিলম্বন কৰিছিল।

উল্লেখযোগ্য যে, ত্ৰিপুৰাত বৰ্তমানলৈ গায়ত্ৰী দাসকে ধৰি মুঠ ৮৮ গৰাকী আৰক্ষীক নিষিদ্ধ দ্ৰব্য সৰবৰাহকাৰীৰ সৈতে থকা সম্পৰ্কৰ বাবে নিলম্বন অথবা গ্ৰেপ্তাৰ কৰা হৈছে।

Related News