NORTHEAST NOW (Assamese)
দেশ

পত্নীয়ে ধৰিছিল ডুবাইত জন্মদিন উদযাপনৰ জেদ: মান্তি নোহোৱাৰ বাবেই পতিক ঘুচিয়াই হত্যা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 25, 2023 6:09 pm
Woman punches husband to death

এক চাঞ্চল্যকৰ হত্যাকাণ্ডই জোকাৰিছে মহাৰাষ্ট্ৰ। দখল কৰিছে সংবাদ শিৰোনাম। এক সৰু বিবাদৰ পৰিণতিতে নিজ পতিক ঘুচিয়াই হত্যা কৰিছে এগৰাকী মহিলাই। মহাৰাষ্ট্ৰৰ পুনেত সংঘটিত হৈছে এই ঘটনা।

প্ৰকাশিত খবৰ অনুসৰি, মহিলাগৰাকীয়ে নিজৰ জন্মদিন ডুবাইত উদযাপন কৰিবলৈ মানস কৰি পতিৰ আগত এই কথা ব্যক্ত কৰিছিল। কিন্তু এই কথাত সন্মত নোহোৱাৰ বাবেই পতিৰ মুখত ঘুচিয়াই হত্যা কৰে।

মৃত ব্যক্তিগৰাকীক নিখিল খান্না চিনাক্ত কৰা হৈছে। পেছাত তেওঁ আছিল এজন ৰিয়েল এষ্টেট ডেভেলপাৰ। আছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।খান্নাৰ ৩৬ বছৰীয়া পত্নী ৰেনুকাৰ জন্মদিন আছিল ১৮ ছেপ্টেম্বৰত।

ৰেনুকাই তেওঁৰ জন্মদিন ডুবাইত উদযাপন কৰিব বিচাৰিছিল। কিন্তু স্বামীয়ে পূৰণ কৰা নাছিল তেওঁৰ দাবী। আনহাতে যোৱা ৫ নৱেম্বৰত দম্পতীহালৰ বিবাহ বাৰ্ষিকীয়ো আছিল।

বিবাহ বাৰ্ষিকীত ৰেণুকাই স্বামীৰ পৰা কিছু ভাল উপহাৰ আশা কৰিছিল। লগতে কোনো আত্মীয়ৰ জন্মদিনত দিল্লীলৈ যোৱাৰো প্ৰস্তাৱ দি স্বামীৰ পৰা সন্মতি লাভ কৰা নাছিল ৰেণুকাই।

এই বিষয়বোৰক লৈ শুকুৰবাৰে দম্পতীহালৰ মাজত তীব্ৰ কাজিয়া হয় আৰু ক্ষোভতে মহিলাগৰাকীয়ে স্বামীৰ নাকত আঘাত কৰে। ফলত নিখিল খান্নাৰ নাকৰ পৰাব হু তেজ ওলায় আৰু তেওঁ অচেতন হৈ পৰে।

ইফালে তেওঁলোকৰ ওচৰ-চুবুৰীয়াই এই কথা আৰক্ষীক অৱগত কৰাত ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীৰ এটা দল আৰু নিখিল খান্নাক স্থানীয় এখন চিকিৎসালয়লৈ লৈ যায়। কিন্তু চিকিৎসকে খান্নাক মৃত ঘোষণা কৰে।

এই ঘটনাৰ পিছতে খান্নাৰ পত্নী ৰেনুকাক আৰক্ষীৰ জিম্মাত লোৱা হয় ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ৩০২ ৰ অধীনত তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হয়। গোচৰৰ তদন্ত চলি আছে বুলি প্ৰকাশ কৰে এগৰাকী আৰক্ষী বিষয়াই।