NORTHEAST NOW (Assamese)
Popular Stories

একাঁঠু পানীত থিয় হৈ বিধায়কৰ গালত প্ৰচণ্ড চৰ মহিলাৰ; ক্ষুব্ধ কণ্ঠেৰে প্ৰশ্ন,”এতিয়া কিয় আহিছে?”

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী July 13, 2023 1:03 pm

ধাৰাসাৰ বৰষুণৰ ফলত প্লাৱিত সমগ্ৰ উত্তৰ ভাৰত। হিমাচল প্ৰদেশৰ পৰা উত্তৰাখণ্ড, পঞ্জাৱ, হাৰিয়ানা, দিল্লীলৈকে সমগ্ৰ উত্তৰ ভাৰত বানত জুৰুলা। বিগত এসপ্তাহ ধৰি ধাৰাবাহিকভাৱে হোৱা প্ৰচণ্ড বৰষুণৰ বাবে হাৰিয়ানাৰ ঘগ্গড় নদীৰ জলপৃষ্ঠ বৃদ্ধি পাইছে। ফলত জলমগ্ন হৈ পৰিছে হাৰিয়ানা।

তাৰমাজতে জননায়ক জনতা পাৰ্টিৰ বিধায়ক ঈশ্বৰ সিঙে বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰে। কিন্তু তালৈ যোৱাৰ লগে লগে এগৰাকী মহিলাই বিধায়কগৰাকীক প্ৰচণ্ড চৰ শোধালে। ক্ষোভ উজাৰি তেওঁ বিধায়কক প্ৰশ্ন কৰিলে, “আপুনি এতিয়া কিয় আহিছে?”

লগতে পঢ়ক: জনবিশ্বাস! এইবাৰ সৰু-সুৰা অপৰাধৰ বাবে নহ’ব কাৰাবাস; কেন্দ্ৰই আনিছে নতুন বিধেয়ক

বুধবাৰে সংঘটিত হয় এই ঘটনা। জননায়ক জনতা পাৰ্টিৰ বিধায়কগৰাকীয়ে হাৰিয়ানাৰ বানাক্ৰান্ত ঘুলা অঞ্চল পৰিদৰ্শন কৰে। স্থানীয় ৰাইজে বিধায়কজনক দেখি ঘেৰি ধৰে। আৱদ্ধ হৈ পৰা পানীক লৈ অভিযোগ কৰিবলৈ ধৰে। হঠাৎ ক্ষুব্ধ হৈ পৰা এগৰাকী মহিলাই আহি বিধায়কগৰাকীক চৰ শোধাই প্ৰশ্ন কৰে, ” এতিয়া কিয় আহিছে?”

জানিব পৰা মতে, গাঁৱৰ সমীপৰ এটা সৰু মথাউৰিৰ পৰা পানী এৰি দিয়াৰ ফলত সমগ্ৰ গাঁওখন বানপানীত বুৰ গৈছে। চৰ খাই স্তম্ভিত হৈ পৰে জেজেপিৰ বিধায়কগৰাকী। নিজৰ সম্বিৎ ঘূৰাই পোৱাৰ পিছত তেওঁ কয়, “মহিলাগৰাকীয়ে কৈ আছিল যে মই মথাউৰিটো খুলি দিব বিচাৰিছিলো। যদিও মই তেওঁক পতিয়ন নিয়াওঁ যে ই এক প্ৰাকৃতিক দুৰ্যোগ। যোৱা কেইদিনমানৰ পৰা অবিৰতভাৱে ধাৰাসাৰ বৰষুণ দি আছে।”

লগতে পঢ়ক: কি নাম এই সম্পৰ্কৰ! সদায় কাজিয়া, ১০বছৰত পত্নীয়ে ৭বাৰ জেলত পঠিয়ালে স্বামীক; মুকলি কৰিও আনিলে নিজেই

মহিলাগৰাকীয়ে চৰ মৰাৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰে বুলিও বিধায়ক গৰাকীয়ে মন্তব্য কৰে। তেওঁ কয়, “মই তেওঁক ক্ষমা কৰি দিছো। মই তেওঁৰ বিৰুদ্ধে কোনো ব্যৱস্থা নলওঁ।”