NORTHEAST NOW (Assamese)

বিমান যাত্ৰাৰ মাজতে ক’ভিদ পজিটিভ হ’ল মহিলা, তিনি ঘণ্টাৰ বাবে বিমানৰ শৌচাগাৰতে আইচ’লেশ্যন

December 31, 2021 4:48 pm · এন ই নাও নিউজ, গুৱাহাটী

বিমান যাত্ৰাৰ মাজতে শৰীৰত ক’ভিদ পজিটিভ ধৰা পৰাৰ পিছত বিমানৰ শৌচাগাৰত আইচ’লেশ্যনত থাকিব লগা হ’ল এগৰাকী মহিলা। এই ঘটনা সংঘটিত হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰত।

চিকাগোৰ পৰা আইচলেণ্ডলৈ যাত্ৰা কৰা মাৰিছা ফটিঅ’ নামৰ মহিলাগৰাকী বিমান যাত্ৰাৰ মাজতে এই অথন্তৰৰ সন্মুখীন হ’বলগীয়া হৈছে।

পেছাত শিক্ষয়িত্ৰী মিচিগানৰ এই মহিলাগৰাকীয়ে ১৯ ডিচেম্বৰত ভ্ৰমণৰ আধাতে ডিঙিত বিষ অনুভৱ কৰাত দ্ৰুত ক’ভিদ পৰীক্ষাৰ সন্মুখীন হয়। পৰীক্ষাত তেওঁ ক’ভিদ সংক্ৰমিত হোৱা নিশ্চিত হয়।

ফটিঅ’ই কয় যে ভ্ৰমণৰ পূৰ্বে তেওঁ দুটা পিচিআৰ পৰীক্ষা আৰু প্ৰায় পাঁচটা দ্ৰুত পৰীক্ষা কৰিছিল। এই আটাইকেইটা পৰীক্ষাৰ ফলাফল নিগেটিভ আহিছিল। কিন্তু বিমানযাত্ৰাৰ প্ৰায় ডেৰ ঘণ্টাৰ ভিতৰত ফটিঅ’ৰ ডিঙিৰ বিষ অনুভৱ হ’বলৈ ধৰিলে।

ইয়াৰ পিছতে মূৰ ঘূৰোৱা যেন অনুভৱ কৰি তেখেতে দ্ৰুত ক’ভিদ পৰীক্ষাৰ বাবে সন্মতি জনায় আৰু এই পৰীক্ষাত ক’ভিদ সংক্ৰমণ ধৰা পৰে।

উল্লেখ্য যে ফটিঅ’ই সম্পূৰ্ণৰূপে টিকাকৰণ কৰোৱাৰ লগতে আৰু বুষ্টাৰো গ্ৰহণ কৰিছে। তেওঁ টিকাকৰণ নোহোৱা কিছু লোকৰ সৈতে কাম কৰা বাবে ধাৰাবাহিকভাৱে পৰীক্ষা কৰে বুলি জানিবলৈ দিয়ে।

আটলান্টিক মহাসাগৰৰ ওপৰেৰে বিমান যাত্ৰা কালত ক’ভিদ সংক্ৰমণৰ ফলাফলে তেওঁক আতংকিত কৰি তুলিছিল বুলি মন্তব্য কৰে।

বিমান অৱতৰণৰ পিছত তেওঁক আছুতীয়াকৈ এখন হোটেললৈ লৈ যোৱা হয় আৰু হোটেলতে ১০ দিনৰ বাবে কোৱাৰাণ্টাইনত ৰখা হয় বুলি স্থানীয় সংবাদ মাধ্যমে প্ৰকাশ কৰিছে।

Related News