NORTHEAST NOW (Assamese)
অসম

মহানগৰীত ভাড়াঘৰত উদ্ধাৰ যুৱতীৰ মৃতদেহঃ গ্ৰেপ্তাৰ লিভ ইন সংগীক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 15, 2024 1:18 pm
Woman's body found

গুৱাহাটী মহানগৰীত পুনৰ উদ্ধাৰ হৈছে এক মৃতদেহ। খ্ৰীষ্টানবস্তিত উদ্ধাৰ হৈছে এগৰাকী যুৱতীৰ মৃতদেহ।

খ্ৰীষ্টানবস্তিতএটা ভাড়াঘৰত যুৱতীগৰাকীৰ মৃতদেহটো উদ্ধাৰ হৈছে বুলি জানিব পৰা গৈছে।

প্ৰকাশিত খবৰ অনুসৰি, মৃত যুৱতীগৰাকীক তৃষ্ণা কাকতি বুলি চিনাক্ত কৰা হৈছে।

ভাড়াঘৰত নিজৰ প্ৰেমিকৰ সৈতে লিভ ইনত আছিল মৃত তৃষ্ণা কাকতি।

যুৱতীগৰাকীৰ মৃত্যুৰ কাৰণ এতিয়াও নিশ্চিত হোৱা নাই যদিও হত্যাৰ বলি হোৱা বুলি আশংকা কৰা হৈছে।

ইতিমধ্যে আৰক্ষীয়ে যুৱতীগৰাকীৰ প্ৰেমিক বিষ্ণু দেৱ কোচক সন্দেহৱশতঃ গ্ৰেপ্তাৰ কৰিছে।