NORTHEAST NOW (Assamese)
অসম

কেৰালা উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়, “মহিলাৰ সহজ গুণ, যৌন জীৱন ধৰ্ষণৰ অভিযুক্তক দোষমুক্ত কৰাৰ কাৰণ হ’ব নোৱাৰে”

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 25, 2021 6:26 pm
Kerala HC on Rape Case

এগৰাকী মহিলাৰ সহজ গুণ বা যৌন সম্ভোগৰ অভ্যাস থকাটো কাৰোবাক ধৰ্ষণৰ পৰা মুক্ত কৰাৰ কাৰণ হ’ব নোৱাৰে — এই গুৰুত্বপূৰ্ণ ৰায় দিছে কেৰালা উচ্চ ন্যায়ালয়ে।

নিজ পিতৃৰ দ্বাৰা এগৰাকী যুৱতী ধৰ্ষণৰ সন্মুখীন হ’বলগীয়া এক গোচৰত ন্যায়ালয়ে এই গুৰুত্বপূৰ্ণ ৰায় দিছে।

ভুক্তভোগী যুৱতীগৰাকীৰ দেউতাকে দাবী কৰিছিল যে তেওঁক গোচৰটোত মিছাকৈ জড়িত কৰা হৈছে, কিয়নো যুৱতীগৰাকীয়ে আন এজন ব্যক্তিৰ সৈতে যৌন সম্পৰ্ক আছিল বুলি স্বীকাৰ কৰিছে।

তেওঁৰ নিৰ্দোষতাৰ দাবী অস্বীকাৰ কৰি উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আৰ নাৰায়ণ পিশাৰদীয়ে কয় যে যৌন নিৰ্যাতনৰ ফলস্বৰূপে ২০১৩ চনৰ মে মাহত জন্ম হোৱা কেঁচুৱাটোৰ DNA বিশ্লেষণে প্ৰকাশ কৰে যে ভুক্তভোগীৰ দেউতাক কেঁচুৱাটোৰ জৈৱিক পিতৃও আছিল।

উচ্চ ন্যায়ালয়ে লগতে কয়, “গোচৰটোত দেখুওৱা হৈছে যে ভুক্তভোগী গৰাকী সহজ গুণৰ ছোৱালী বা যৌন সম্ভোগৰ অভ্যাস কৰা ছোৱালী, সেই ক্ষেত্ৰত অভিযুক্তক ধৰ্ষণৰ অভিযোগৰ পৰা মুক্ত হ’ব লাগে। কিন্তু এগৰাকী মহিলা বা যুৱতীৰ সহজ গুণ বা যৌন জীৱনে অভিযুক্তক দোষ মুক্ত কৰাৰ কোনো ভিত্তি নাই। আনকি ভুক্তভোগীগৰাকী আগতে যৌন সম্ভোগত অভ্যস্ত বুলি ধৰি লোৱাটোও এক নিৰ্ণায়ক প্ৰশ্ন নহয়।”

“ইয়াৰ বিপৰীতে অভিযুক্তজনে ভুক্তভোগীগৰাকীৰ ওপৰত ধৰ্ষণ কৰিছিল নে তাৰ বিচাৰ কৰিব লাগিব।”— ন্যায়াধীশ পিশাৰদীয়ে কয়।

উচ্চ ন্যায়ালয়ে লগতে কয় যে এজন পিতৃ তেওঁৰ সন্তানৰ দুৰ্গ আৰু আশ্ৰয়স্থল। ভুক্তভোগী যুৱতীগৰাকীক সুৰক্ষা আৰু সমৰ্থন প্ৰদান কৰিবলৈ দেউতাক কৰ্তব্যবদ্ধ আছিল।

“কিন্তু তাৰ পৰিৱৰ্তে তেওঁ যুৱতীগৰাকীৰ ওপৰত যৌন নিৰ্যাতন আৰু ধৰ্ষণ সংঘটিত কৰিছিল। ভুক্তভোগীয়ে কি আঘাত পাইছিল সেয়া কল্পনাও কৰিব নোৱাৰি। আগন্তুক সময়ত যুৱতীগৰাকীয়ে কেনে মানসিক যন্ত্ৰণা আৰু বেদনা অনুভৱ কৰিব পাৰে সেইয়া চিন্তনীয়।”

উচ্চ ন্যায়ালয়ে মন্তব্য কৰে যে দেউতাকে নিজৰ জীয়েকৰ ওপৰত ধৰ্ষণ কৰাতকৈ অধিক গুৰুতৰ আৰু জঘন্য অপৰাধ কেতিয়াও হ’ব নোৱাৰে।

তাৎক্ষণিক গোচৰটোত উচ্চ ন্যায়ালয়ে লগতে উল্লেখ কৰে যে দেউতাকে কৰা ধৰ্ষণৰ বাবে, ভুক্তভোগীয়ে পুত্ৰ সন্তান প্ৰসৱ কৰিছিল আৰু সেয়েহে তাইৰ দ্বাৰা সহ্য কৰা দুখবোৰ কল্পনাৰ বাহিৰত হ’ব।

এনে পৰিস্থিতিত অভিযুক্তজন শাস্তিৰ ক্ষেত্ৰত কোনো ধৰণৰ নম্ৰতাৰ অধিকাৰী নহয় বুলি মন্তব্য কৰে ন্যায়াধীশ পিশাৰদীয়ে।

উচ্চ ন্যায়ালয়ে অভিযুক্তক ধৰ্ষণৰ গোচৰত দোষী সাব্যস্ত কৰি ১২ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে।

সমাজত নাৰী স্বাধীনতাৰ ক্ষেত্ৰত নানা বাধা-নিষেধে দেখা দিয়াৰ সময়তে কেৰালা উচ্চ ন্যায়ালয়ৰ এই ৰায়ে চৰ্চা লাভ কৰিছে।