NORTHEAST NOW (Assamese)
অসম

মহিলাৰ মাদকদ্ৰব্য বিৰোধী অভিযানত শংকিত অবৈধ সুৰা ব্যৱসায়ী চক্ৰ

Posted by: ভাৰ্গব হাজৰিকা March 11, 2019 8:47 pm
IMG-20190311-WA0034

ৰবিবাৰে পুৰণিগুদামৰ গড়মুৰত স্থানীয় মহিলাই প্ৰশাসন আৰু আবকাৰী বিভাগৰ সহযোগত মাদক দ্ৰব্য বিৰোধী সজাগতা সভা অনুষ্ঠিত কৰি অবৈধ সুৰাৰ বিৰুদ্ধে ব্যাপক অভিযান ঘোষণা কৰাৰ পাছত সোমবাৰে নগাঁৱৰ পুৰণিগুদামৰ নলবৰাচুকত অবৈধ চুলাইৰ বিৰুদ্ধে ওলাই আহে অৰ্ধশতাধিক মহিলা।

অঞ্চলটোৰ বিভিন্ন ঠাইৰ মহিলাসকল একগোট হৈ ওলাই আহি বৃহত্তৰ অঞ্চলটোত অবৈধ চুলাইৰ বিৰুদ্ধে ব্যাপক অভিযান চলায়। মাদক দ্ৰব্যৰ অতপালিত অতিষ্ঠ মহিলাসকলে অভিযান চলাই বহু লিটাৰ চুলাই মদ নষ্ট কৰাৰ লগতে এজন ব্যৱসায়িক কৰায়ত্ত কৰি আবকাৰী বিভাগক গতাই দিয়ে।

আটকাধীন লোকজন পুৰণিগুদামৰ নলবৰাচুকৰ বকুল গগৈ বুলি চিনাক্ত কৰা হৈছে। স্থানীয় ৰাইজ আৰু মহিলাসকলে অভিযোগ কৰা মতে, নলবৰাচুক গাঁৱৰ সুৰা ব্যৱসায়ীজনক এজন আৰক্ষী আৰু শিক্ষকে সুৰাৰ বেহা চলাবৰ বাবে উদগনি যোগাই অহাৰ লগতে আৰ্থিক ভাৱেও সহায় কৰি আহিছিল।

উল্লেখযোগ্য যে, পুৰণিগুদাম এই মহিলা সকলে ৰবিবাৰে সন্ধিয়া পথাৰআগ চাৰিআলিৰ পৰা আন এটা অবৈধ সুৰাৰ ঘাটি উৎখাত কৰাৰ লগতে সুৰা ব্যৱসায়ীজনক কৰায়ত্ব কৰি আবকাৰী বিভাগৰ হাতত গতাই দিয়ে।

আনহাতে, অভিযানকাৰী মহিলা দলটোৱে আবকাৰী বিভাগক অবৈধ সুৰাৰ বিৰুদ্ধে কঠোৰ হবলৈ আহ্বান জনোৱাৰ লগতে ভৱিষ্যতে সংশ্লিষ্ট বিভাগৰ দুৰ্বলতাৰ সুযোগ লৈ পুনৰ আটকাধীন লোক কেইজন যাতে ওলাই আহিব নোৱাৰে তাৰবাবে ব্যৱস্থা লোৱাৰ বাবে দাবী জনায়।