NORTHEAST NOW (Assamese)
অসম

পৰকীয়া প্ৰেমৰ কৰুণ পৰিণতি: তামুলপুৰত প্ৰেমিকৰ সৈতে আত্মহত্যা কৰিলে বিবাহিতা মহিলাই

Posted by: দীপক কুমাৰ পাঠক Updated by: দীপক কুমাৰ পাঠক August 5, 2021 2:21 pm
pre

বাক্সা জিলাৰ তামুলপুৰৰ কাউলিত পৰকীয়া প্ৰেমৰ কৰুণ পৰিণতি।

স্বামী গৃহৰ পৰা ওলাই গৈ প্ৰেমিকৰ ঘৰত আত্মহত্যা মহিলা আৰু প্ৰেমিক যুৱকৰ।তামুলপুৰ মহকুমাৰ কাউলীৰ চন্দ্ৰনগৰত বুধবাৰে আবেলি সংঘটিত হৈছে এই ঘটনা।

স্বামী গৃহৰ পৰা এগৰাকী মহিলাই কন্যা-পুত্ৰক এৰি কাউলীৰ চন্দ্ৰনগৰৰ বিপুল দে’ নামৰ যুৱক গৰাকীৰ ঘৰত গৈ প্ৰেমিক বিপুল দে’ আৰু মহিলা গৰাকীয়ে একেলগে বিষ পান কৰি মৃত্যুক সাৱটি লয়।

বিপুল দেৰ বাসগৃহত বহু সময় দৰ্জা বন্ধ থকা প্ৰত্যক্ষ কৰি পৰিয়ালৰ লোকে দৰ্জা ভাঙি প্ৰৱেশ কৰাত প্ৰেমিক- প্ৰেমিকাক বিষ পান কৰা দেখি ততাতৈয়াকৈ কুমাৰীকাটা চিকিৎসালয়লৈ লৈ আনে যদিও ইতিমধ্যে মৃত্যুক সাৱটি লৈছিল প্ৰেমিক বিপুল দেই।

আনফালে মহিলা গৰাকীক সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ লৈ যোৱা সময়ত মৃত্যুক আঁকোৱালি লয় মহিলা গৰাকীয়েও।

সমগ্ৰ ঘটনাক লৈ ইতিমধ্যে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে।

মহিলা গৰাকীৰ স্বামীয়ে জনোৱা মতে, দীর্ঘ দিন ধৰি বিপুল দেৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি আহিছিল তেওঁৰ পত্নীয়ে।
ঘটনা সম্পৰ্কে তদন্ত অব্যাহত ৰাখিছে কুমাৰীকাটা আৰক্ষীয়ে।

ইতিমধ্যে কুমাৰীকাটা আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে দুয়োটা মৃতদেহ প্ৰেৰণ কৰিছে বাক্সা জিলাৰ সদৰ মুছলপুৰলৈ।