NORTHEAST NOW (Assamese)
অসম

মাৰ্ঘেৰিটাত অবৈধ বালি কঢ়িওৱা ট্ৰাকৰ খুন্দাত মহিলাৰ মৃত্যু

Posted by: মানস প্ৰতীম গগৈ Updated by: মানস প্ৰতীম গগৈ October 15, 2020 7:53 pm

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা থানাৰ অন্তৰ্গত আগবন্ধা- কেটেটং পথত আজি সন্ধিয়া সংঘটিত হোৱা এক শোকাৱহ পথ দুৰ্ঘটনাত এগৰাকী ১৮ মহীয়া কেছুৱাৰ মাতৃ থিতাতে নিহত হোৱাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়।

জানিব পৰা মতে, মাৰ্ঘেৰিটা থানাৰ অন্তৰ্গত আগবন্ধা কেটেটং পথত এ এচ ২৩ ডি ১৯৬৪ নম্বৰৰ অবৈধ বালি ভৰ্তি এখন ট্ৰাকক একে দিশৰ পৰা অহা এ এচ ২৩ জি ৩১৯৬ নম্বৰৰ এখন মটৰ চাইকেলে অতিক্ৰম কৰি যাবলৈ চেষ্টা কৰোতেই ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হয়।

মৃত্যু হোৱা মহিলা গৰাকী ডিগবৈৰ নাহৰকটীয়া গাঁৱৰ বাসিন্দা উৎপল বৰাৰ পত্নী নিতুমণি শইকীয়া (২০)।

উল্লেখ যোগ্য যে, মাৰ্ঘেৰিটা থানাৰ অন্তৰ্গত কেটেটং বৰফাকিয়াল চাইনা বুঢ়ীদিহিং ঘাটৰ পৰা অবৈধভাৱে বালি সংগ্ৰহ কৰি ট্ৰাকখনত তীব্ৰ বেগে আহি আছিল।

ঘটনাস্থলীত মাৰ্ঘেৰিটা আৰক্ষী উপস্থিত হৈ চালক সহ ট্ৰাক খন আৰু মটৰ চাইকেলখন জব্দ কৰাৰ লগতে আহত উৎপল শইকীয়া আৰু কেছুৱাটিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে।

ইতিমধ্যে, মাৰ্ঘেৰিটা আৰক্ষীয়ে মৃতদেহ চমজি লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

পথ দুৰ্ঘটনাৰ পাছতে স্থানীয় ৰাইজ উত্তেজিত হৈ পৰে আৰু বৰফাকিয়াল চাইনা বুঢ়ীদিহিং ঘাটৰ অবৈধ বালি বেহাৰ লগতে সমগ্ৰ মাৰ্ঘেৰিটাত চলি থকা অবৈধ বালি বেহা বন্ধ কৰিবলৈ সচেতন ৰাইজে দাবী জনাইছে।

দীৰ্ঘদিনে মাৰ্ঘেৰিটাৰ একাংশ বালি মাফিয়াই ৰমৰমীয়া বেহা চলাই অহাৰ বিপৰীতে বিভিন্ন সময়ত সংঘটিত হোৱা পথ দুৰ্ঘটনাত বিভিন্ন ব্যক্তিয়ে অকাল মৃত্যুক আকোৱালি ল’বলগীয়া হৈছে।