NORTHEAST NOW (Assamese)
অসম

দহখন পঞ্চায়তৰ আত্মসহায়ক গোটৰ মহিলাই টীয়কত আৰম্ভ কৰিছে অসমী ভোগালী মেলা

January 11, 2021 5:23 pm
Teok

অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অন্তৰ্গত টীয়কৰ কলিয়াপানী উন্নয়ন খণ্ডৰ অধীনত খণ্ড অভিযান পৰিচালনা শাখাৰ উদ্যোগত আজিৰে পৰা ১৩ জানুৱাৰীলৈকে তিনিদিনীয়াকৈ তৃতীয় বাৰ্ষিক অসমী ভোগালী মেলা টীয়ক নগৰৰ মাজমজিয়াত অনুস্থিত কৰা হৈছে।

এই মেলাত খণ্ডটোৰ অধীনস্থ দহখন পঞ্চায়তৰ সকলো আত্মসহায়ক গোটৰ মহিলাই অতি পৰিস্কাৰ পৰিচন্নতা অৱলম্বন কৰি ঘৰুৱাভাৱে তৈয়াৰ কৰা বিভিন্ন পিঠা, মুৰি, আখৈ,দৈ, ক্ৰীম,পনীৰ, লাড়ুৰ লগতে থলুৱা সাজপাৰ, কেঁচা জৈৱিক শাক-পাচলি কুকুৰা, হাঁহ আদি বিক্ৰীৰ বাবে উপলব্ধ কৰি তুলিছে।

উল্লেখযোগ্য যে উক্ত মেলাতে অস্থায়ীকৈ জুহাল সাজি পিঠা চুঙা চাউল আদি থলুৱা খাদ্য বিক্ৰী ও খোৱাৰ ব্যৱস্থাও কৰিছে।

খণ্ডটোৰ মহিলাসকলৰ এই কৰ্মমুখী কাৰ্যই গ্ৰাম্য অৰ্থনীতিত বাৰুকৈ তুৰাম্বিত কৰিব বুলি আশা প্ৰকাশ কৰিছে সকলোৱে।

আজি কলিয়াপানী আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী পূণ্য কোচে খণ্ডটোৰ বিভিন্ন বিষয়ববীয়া তথা ৰাইজৰ উপস্থিতিত ফিটা কাটি মেলাখনৰ প্ৰৱেশদ্বাৰ উদ্বোধন কৰি এই মেলাই মহিলা সৱলীকৰণৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিব বুলি আশা প্ৰকাশ কৰিছে।

অনাগত দিনটো এইদৰে প্ৰতিগৰাকী মহিলাক ওলাই আহি স্ব-নিৰ্ভৰশীল হ’বলৈ আহ্বান জনায় সভানেত্ৰী পূণ্য কোচে।