NORTHEAST NOW (Assamese)

স্বাৱলম্বিতাৰ আদৰ্শ! মূৰত ৰ’দ লৈ ট্ৰেক্টৰ চলাই নিজেই হাল বাই পথাৰত কৃষি কাৰ্যত ব্যস্ত মহিলা

August 25, 2022 3:35 pm · পার্শ্বজোতি গগৈ, শিৱসাগৰ
ফটো: নৰ্থইষ্ট নাও।

প্ৰখৰ ৰ’দ, ঠায়ে ঠায়ে পানীৰ অভাৱত চিৰাল ফাট দিছে কৃষি ভূমি। ইয়াকে লৈ উদ্বিগ্ন খেতিয়ক ৰাইজ। এনে সময়তে শিৱসাগৰৰ পানবেছাত প্ৰখৰ ৰ’দ নেওচি টেক্টৰেৰে নিজেই হাল বাই কঠিয়া ৰোৱাত ব্যস্ত একাংশ মহিলা।

শিৱসাগৰ জিলা কৃষি বিভাগ, দিচাংমুখ এগ্ৰ’ প্ৰতিষ্ঠানৰ উদ্যোগত পানবেছাৰ দিহিঙ্গীয়া চুকত কৃষি কাৰ্যত ব্যস্ত হৈ পৰিছে ৰাইজ ।

লগতে পঢ়ক: অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে সৰৱ কংগ্ৰেছ

মহিলাসকলে মূৰত ৰ’দ লৈ টেক্টৰেৰে মাটি চহোৱাৰ লগতে অত্যাধুনিক মেচিনৰ সহায়ত ৰুইছে বিঘাই বিঘাই উন্নত জাতৰ কঠিয়া।

ভৰ দুপৰীয়া গছৰ ছাঁ অথবা ঘৰত অতিবাহিত কৰাৰ বিপৰীতে টেক্টৰ চলাই কৰ্মপটুতাৰ নিদৰ্শন দাঙি ধৰিছে এইসকল গ্ৰামাঞ্চলৰ মহিলাই ।

বোকা পথাৰৰ কাষত এই সকল মহিলাৰ কৰ্মপটুতাত তবধ মানি ছাটি লৈ চাই ৰৈছে কৃষি বিভাগৰ বিষয়া-কৰ্মচাৰীয়ে ।

লগতে পঢ়ক: বিজেপিক গালি দিয়াৰ পৰিবৰ্তে শ্বেৰমান আলিয়ে কংগ্ৰেছক গালি পাৰে: আব্দুল খালেক

কম খৰচত কিদৰে ধান খেতি কৰি স্বাৱলম্বী হ’ব পাৰি সেই আদৰ্শ দেখুৱাইছে এই সকল মহিলাই।

Related News