NORTHEAST NOW (Assamese)
অসম

আমেৰিকাৰ ৰাজপথলৈ হঠাতে ওলাই আহিল হাজাৰ হাজাৰ মহিলা, কিন্তু কিয়?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 18, 2020 5:28 pm
a trump

এশ নহয়. দুশ নহয় হাজাৰ হাজাৰ মহিলাই কঁপাই তুলিলে আমেৰিকাৰ বিভিন্ন চহৰৰ ৰাজপথ।

আমেৰিকাৰ ৱাশ্বিংটনকে ধৰি বিভিন্ন চহৰত ৰাজপথলৈ ওলাই অহা মহিলাসকলৰ এটাই লক্ষ্য ৰাষ্ট্ৰপতি নিৰ্বাচনত যিকোনো প্ৰকাৰে হ’লেও ডোনাল্ড ট্ৰাম্পত হৰুৱাবই লাগিব।

কোনো বিশেষ ৰাজনৈতিক দলৰ বেনাৰত এই মহিলাসকলে ট্ৰাম্পৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই অহা নাই।

দৰাচলতে ২০১৭ চনৰ পৰাই আমেৰিকাৰ ৰাজনীতিৰ পৰা ট্ৰাম্পক বিদায় দিয়াৰ বাবে কঁকালত টঙালি বান্ধিছিল মাৰ্কিন মহিলাসকলে।

২০১৭ চনত ট্ৰাম্পৰ বিৰুদ্ধে আমেৰিকাত ইতিহাসৰ সৰ্ববৃহৎ মহিলাৰ আন্দোলন হৈছিল।

ৰাষ্ট্ৰপতি হিচাবে আমেৰিকাৰ মহিলাসকলে ট্ৰাম্পক মহিলা বিৰোধী বুলিয়েই জানি আহিছে।

মহিলাৰ বাবে ট্ৰাম্পে কোনো উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিব পৰা নাই বুলি মাৰ্কিন মহিলাসকলে অভিযোগ কৰি আহিছে।

সেইবাবেই ৩ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া মাৰ্কিন ৰাষ্ট্ৰপতি নিৰ্বাচনত ট্ৰাম্পক যিকোনো মূল্যৰ বিনিময়তে হৰুৱাবলৈ পণ লৈছে মাৰ্কিন মহিলাসকলে।

লক্ষ্যণীয় কথাটো হ’ল ট্ৰাম্পৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই অহা মহিলাসকলৰ প্ৰায় সংখ্যকেই সদ্য ভোটাধিকাৰ পোৱা নৱপ্ৰজন্মৰ যুৱতী।

সেয়ে মহিলাৰ এনে প্ৰতিবাদে কঁপাই তুলিছে প্ৰৱল প্ৰতাপী বুলি ভাবি অহা ট্ৰাম্পৰো বুকু।