NORTHEAST NOW (Assamese)

বিশাল জোৰ সমদল, মণিপুৰী মহিলাৰ ৰাজপথ দখল; বিজেপি চৰকাৰৰ বিৰুদ্ধে গণ প্ৰতিবাদত উত্তাল ৰাজ্য

September 10, 2024 9:46 am · এন ই নাও নিউজ, গুৱাহাটী

মণিপুৰৰ ৰাজধানী ইম্ফলত হাজাৰ হাজাৰ মহিলাই নিশা ৰাজপথ দখল কৰে। জোৰ জ্বলাই প্ৰতিবাদ কৰি মণিপুৰী মহিলাসকলে দাবী তোলে যে জাতি বিদ্বেষৰ জৰিয়তে ৰাজ্যখনক বিছিন্ন কৰিবলৈ দিয়া নহ’ব। গোষ্ঠী সংঘাতৰ বাবে ৰক্তাক্ত হৈ পৰা ৰাজ্যখনত বিজেপি চৰকাৰৰ বিৰুদ্ধে গণ প্ৰতিবাদে তীব্ৰ ৰূপ ধাৰণ কৰিছে।

বিগত কেইদিনমানত মেইটেই আৰু কুকি গোষ্ঠীৰ মাজত ঘটা সংঘৰ্ষত কেইবাজনো লোক নিহত হৈছে। মণিপুৰত বিগত এবছৰত শ শ লোকৰ মৃত্যু হৈছে। প্ৰতিবাদকাৰীসকলে মুখ্যমন্ত্ৰী বীৰেণ সিঙৰ পদত্যাগ দাবী কৰিছে। মণিপুৰৰ বিজেপি চৰকাৰ তীব্ৰ চাপৰ সন্মুখীন হৈছে।

সোমবাৰৰ মণিপুৰত দিনটো জুৰি প্ৰতিবাদত উত্তপ্ত হৈ পৰে। ৰাজধানী ইম্ফলত থকা মুখ্যমন্ত্রী বীৰেণ সিঙৰ কার্যালয় ঘেৰাও কৰি প্ৰতিবাদকাৰীসকলে অভিযোগ উত্থাপন কৰে যে বিজেপি চৰকাৰে মুখত দাবী কৰিলেও শান্তি ঘূৰাই আনিব পৰা নাই ৷

লগতে পঢ়কঃ বিনিয়োগ কেলেংকাৰি: `বহুতকে নচুৱাই’ অন্তৰ্ধান হোৱা নৃত্য পৰিচালিকা চুমি বৰাক ‘মষ্ট ৱাণ্টেড’ ঘোষণা

প্ৰদেশ কংগ্ৰেছৰো একেই দাবী। প্রাক্তন মুখ্যমন্ত্রী ইবোবি সিঙে কটাক্ষ কৰি কয় যে ৰাজ্যত শান্তি ঘূৰি আহিছে বুলি দাবী কৰিলেও প্রধানমন্ত্রী মোডী কিয় অহা নাই ৷ মণিপুৰত শান্তি ঘূৰাই আনিবলৈ ৰাহুল গান্ধীৰ দৰে নেতাৰ প্ৰয়োজন।

স্থানীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি মণিপুৰত চলি থকা সংঘাত সমাধানৰ ক্ষেত্ৰত বিজেপি চৰকাৰৰ ভূমিকাক লৈ জনসাধাৰণ হতাশ হৈ পৰিছে।

বাতৰি অনুসৰি, ইম্ফলকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিশাল বিশাল জোৰ সমদল উলিওৱা হয়। ইম্ফলৰ সমীপত এক বৃহৎ ৰেলীৰ আয়োজন কৰা হয়। ১৬ মাহতকৈ অধিক সময় ধৰি এই সংকট অব্যাহত আছে। ৰাজভৱন আৰু মুখ্যমন্ত্ৰীৰ বাসগৃহৰ দৰে স্পৰ্শকাতৰ অঞ্চল এৰাই চলি ইম্ফলত প্ৰতিবাদকাৰীসকলে প্ৰায় দহ কিলোমিটাৰ পৰ্যন্ত সমদল উলিয়ায়।

প্ৰতিবাদকাৰীসকলে মণিপুৰৰ ঐক্যৰ আহ্বান জনায় আৰু শান্তি ঘূৰাই আনিবলৈ চৰকাৰক আহ্বান জনায়। তেওঁলোকৰ শ্লোগানসমূহৰ ভিতৰত আছিল, “মণিপুৰক বিছিন্ন নকৰিব”, “আমি শান্তি বিচাৰো” আৰু “মণিপুৰ দীৰ্ঘজীৱী হওক।”

লগতে পঢ়কঃ “চিঞৰি কথা নক’ব, মনে মনে থাকক..” বিজেপি নেতা কৌস্তুভ বাগচিক ধমক মুখ্য ন্যায়াধীশৰ

প্ৰতিবাদকাৰীসকলে গাঁৱৰ স্বেচ্ছাসেৱকসকলক মুকলি কৰি দিয়া, আৰক্ষী সঞ্চালক প্ৰধান আৰু নিৰাপত্তা উপদেষ্টাক অপসাৰণ কৰাৰ লগতে ঐক্যবদ্ধ কমাণ্ড ৰাজ্য চৰকাৰক গতাই দিয়াৰ আহ্বান জনায়। তেওঁলোকে উপত্যকাৰ জিলাসমূহত কম্বিং অভিযানৰ বিৰোধিতা কৰে।

বাতৰি অনুসৰি, মণিপুৰৰ মেইটেই আৰু কুকি সম্প্ৰদায়ে ইটোৱে সিটোক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰিছে। দুয়োটা গোষ্ঠীৰ নেতৃত্বৰ হৈ কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰা বাৰ্তাত ৰাজ্যখনৰ নিৰাপত্তা পৰিস্থিতি উদ্বেগজনক বুলি কোৱা হৈছে।

ম্যানমাৰৰ সীমান্তৱৰ্তী মণিপুৰৰ আভ্যন্তৰীণ পৰিস্থিতিক লৈ উদ্বিগ্ন নিৰাপত্তা বিশেষজ্ঞসকল। ৰাজ্য আৰক্ষীৰ তথ্যৰ ভিত্তিত নিৰাপত্তা বিশেষজ্ঞসকলে কয় যে ৰাজ্যত জনগোষ্ঠীয় সংঘৰ্ষত বৃহৎ পৰিমাণৰ বিদেশী আগ্নেয়াস্ত্ৰ ব্যৱহাৰ কৰা হৈছে। বিভিন্ন ভাইৰেল ভিডিঅ’ত দেখা গৈছে যে দুয়োটা সংঘাতলিপ্ত সম্প্ৰদায়ৰ অন্তৰ্গত সশস্ত্ৰ গোটৰ সদস্যসকলে গোপন ঘাটি তথা ঘৰে ঘৰে আগ্নেয়াস্ত্ৰ নিৰ্মাণ কৰি আছে। ড্ৰোন বোমা ব্যৱহাৰক লৈ উদ্বিগ্ন ৰাজ্যৰ আৰক্ষী। 

Related News