NORTHEAST NOW (Assamese)
প্ৰতিৱেশী

“বিশ্বই কিয় নীৰৱে আমাক মৰি যোৱা চাই আছে”— বিশ্ব সম্প্ৰদায়লৈ প্ৰশ্ন আফগানিস্তানৰ প্ৰতিবাদী মহিলাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 27, 2021 8:22 am
Afghan women protest again world silence

তালিবান অধৃকীত আফগানিস্তানত নাৰী অধিকাৰক লৈ এতিয়াও চলি আছে প্ৰতিবাদ। দেশখনৰ কিছু সংখ্যক সাহসী মহিলাই তালিবানৰ নাৰী অধিকাৰ বিৰোধী নীতিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে।

মঙলবাৰেও তালিবানী নীতিৰ বিৰুদ্ধে প্ৰতিবাদত ভাগ লয় ১২ গৰাকী মহিলাই। কিন্তু মঙলবাৰৰ প্ৰতিবাদ আছিল কিছু পৃথক।

এই প্ৰতিবাদত প্ৰতিবাদী মহিলা সকলে কেৱল আফগানিস্তানৰ তালিবানী শাসকৰ প্ৰতিয়ে নহয়, বিশ্ব সম্প্ৰদায়ৰ প্ৰতিও ক্ষোভ উজাৰে।

আফগানিস্তানৰ এই নাৰী অধিকাৰ কৰ্মীসকলে তালিবানৰ নিষেধাজ্ঞাৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ লগতে ৰাজধানী কাবুলত আফগান সংকটক লৈ আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ নিষ্ক্ৰিয়তাৰ বিৰুদ্ধেও প্ৰতিবাদ কৰিছে।

বিশ্ব সম্প্ৰদায়ৰ প্ৰতি ক্ষোভেৰে হাতে-হাতে প্লে’কাৰ্ড লৈ মহিলা সকলে প্ৰতিবাদ কৰে। প্লে’কাৰ্ডত আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ক প্ৰশ্ন কৰি লিখা হৈছে, “বিশ্বই কিয় নিঃশব্দে আমাক মৰি যোৱা চাই আছে ?”

সংবাদ সংস্থা AFPৰ এক প্ৰতিবেদন অনুসৰি, তালিবানে যোৱা আগষ্টত ক্ষমতা দখল কৰাৰ পিছত সকলো প্ৰতিবাদ নিষিদ্ধ কৰিছিল। এই নিষেধাজ্ঞাক উপেক্ষা কৰি প্ৰায় ১২গৰাকী নাৰী অধিকাৰ কৰ্মীয়ে অকলে নাৰীৰ “শিক্ষাৰ অধিকাৰ” আৰু “কাম কৰাৰ অধিকাৰ” দাবী কৰা বেনাৰেৰে তালিবানৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আহিছে।

আফগানিস্তানত নাৰী অধিকাৰৰ সংগঠন মুভমেণ্ট অৱ ৱমেন এক্টিভিষ্টৰ অন্যতম সংগঠক ৱাহিদা আমিৰীয়ে কয়, “আমি ৰাষ্ট্ৰসংঘৰ মহাসচিবক আমাৰ অধিকাৰ, শিক্ষা, কামত সমৰ্থন কৰিবলৈ আহ্বান জনাইছোঁ। আমি আজি সকলোবোৰৰ পৰা বঞ্চিত হৈছোঁ।’

কাবুলৰ কূটনৈতিক অঞ্চল হিচাপে পৰিচিত গ্ৰীন জ’নত এই প্ৰতিবাদ মহিলা সকলে প্ৰতিবাদ সাব্যস্ত কৰে। সেই অঞ্চলত কিছুমান পশ্চিমীয়া দেশৰ দূতাবাস অৱস্থিত। মহিলা সকলৰ এই প্ৰতিবাদত তালি‍বানে বাধা দিছে। বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকৰ ওপৰতো আক্ৰমণ কৰিছে তালিবানে।

“তালিবানৰ বিৰুদ্ধে আমাৰ একো নাই, আমি কেৱল শান্তিপূৰ্ণভাৱে আমাৰ অধিকাৰৰ দাবীত প্ৰতিবাদ কৰিব বিচাৰো।” আমিৰীয়ে কয়।

তালিবানে আফগানিস্তান অধিগ্ৰহণ কৰাৰ পিছত মহিলা সকলক এতিয়াও কামলৈ ঘূৰি আহিবলৈ অনুমতি দিয়া নাই বা বেছিভাগ ছোৱালীক বিদ্যালয়লৈ যাবলৈ অনুমতি দিয়া নাই। ইয়াৰ বিৰুদ্ধে শেহতীয়াকৈ কিছু দিন ধৰি কাবুলত মহিলাসকলৰ দ্বাৰা প্ৰতীকী প্ৰতিবাদ এক নিয়মীয়া ঘটনা হৈ পৰিছে।

যোৱা বৃহস্পতিবাৰে প্ৰায় ২০ গৰাকী মহিলাক ৯০ মিনিটতকৈও অধিক সময় প্ৰতিবাদত ভাগ লোৱাৰ অনুমতি দিয়া হৈছিল। কিন্তু প্ৰতিবাদৰ কভাৰ কৰা কেইবাজনো বিদেশী আৰু স্থানীয় সাংবাদিকক তালিবানে প্ৰহাৰ কৰিছিল।