NORTHEAST NOW (Assamese)
Popular Stories

যুৱতী “সৰবৰাহ কৰি” কোকৰাঝাৰত জালত তিনি যুৱক

Posted by: ৰিনয় বসুমতাৰী Updated by: ৰিনয় বসুমতাৰী May 25, 2019 8:54 pm
Women trafficker arrested in Assam's Kokrajhar

নাৰী সৰবৰাহৰ অভিযোগত কোকৰাঝাৰত শনিবাৰে আৰক্ষীৰ জালত পৰিছে ৰাফুল হুছেইন (২২), অজয় বিশ্বাস (২২) আৰু বিজন বৰা (২০) নামৰ তিনি যুৱক।

উদ্ধাৰ হৈছে দুগৰাকীকৈ যুৱতী, ৰে’ল আৰক্ষীৰ দাবী। দিল্লীগামী নামনিমুৱা ব্ৰহ্মপুত্ৰ ৰে’লৰ পৰা যুৱককেইজনক আটক কৰা হয়।

খবৰ মতে এবছু আৰু নিডান নামৰ এন জি অ’ই কোকৰাঝাৰ ৰে’ল আৰক্ষীৰ সহযোগত যুৱতীকেইগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

অভিযোগমতে, বহিঃৰাজ্যত কাম দিয়াৰ প্ৰলোভনেৰে যুৱতীকেইগৰাকীক লৈ যোৱা হৈছিল।

বৰ্তমান কোকৰাঝাৰ আৰক্ষী থানাত যুৱককেইজনক জেৰা কৰি আছে।

ৰাফুলৰ ঘৰ ৰঙিয়াত, অজয় মৰিগাওঁ কচুতলৰ আৰু বিজনৰ ঘৰ গুৱাহাটীত বুলি জানিব পৰা গৈছে।