NORTHEAST NOW (Assamese)
Popular Stories

মাহেকীয়াৰ সময়ত খাদ্য বনোৱা মহিলাই কুকুৰৰ ৰূপত পুনৰ জনম লাভ কৰিব : স্বামী কৃষ্ণস্বৰূপ দাস

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 18, 2020 5:44 pm
Gujrat Swami

‘যদি মাহেকীয়াৰ সময়ত মহিলা সকলে খাদ্য বনাই তেন্তে নিশ্চিতভাৱে তেওঁ পৰজনমত কুকুৰৰ ৰূপত জন্ম ল’ব,’ গুজৰাটৰ স্বামী কৃষ্ণস্বৰূপ দাসৰ মন্তব্য।

এক অনুষ্ঠানত অংশগ্ৰহণ কৰি গুজৰাটৰ স্বামী নাৰায়ন ভূজ মন্দিৰৰ স্বামী কৃষ্ণস্বৰূপ দাসে এনেদৰে কৰা বিতৰ্কিত মন্তব্যই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

এই মন্দিৰ ষ্ট্ৰাষ্টৰ দ্বাৰা পৰিচালিত বিদ্যালয়ৰ হোষ্টেলত বিগত সময়ত ছোৱালীৰ অন্তৰ্বাস খুলিবলৈ বাধ্য কৰা ঘটনাই সৰ্বত্ৰে সমালোচনাৰ সূত্ৰপাত ঘটাইছিল।

মাহেকীয়াৰ প্ৰমাণ চোৱাৰ বাবেই ছোৱালীৰ অন্তৰ্বাস খোলাৰ নিৰ্দেশ দিয়া হৈছিল।

স্বামীনাৰায়ন ভূজ মন্দিৰৰ য়ুটিউব চেনেলত স্বামী কৃষ্ণস্বৰূপ দাসৰ বহু ভিডিঅ’ আপলোড কৰা হৈছে।

ইয়াৰ এটা ভিডিঅ’ত স্বামীয়ে কৃষ্ণস্বৰূপে মাহেকীয়া হোৱা মহিলাই বনোৱা খাদ্য খালে পুৰুষ গৰাকীয়ে পৰজনমত বলধৰ জনম লাভ কৰিব বুলিও কয়।

ভুলতে এবাৰলৈও যদি মহেকীয়া হোৱা মহিলাই খাদ্য বনাই আৰু এই খাদ্য যিয়ে গ্ৰহণ কৰে সকলোৱে পশুৰ জনম লাভ কৰাটো নিশ্চিত।

ভিডিঅ’টোত স্বামী গৰাকীয়ে তেওঁৰ ভক্ত সকলক এনে কাম নকৰিবলৈ উপদেশ দি যদি নিজে খাদ্য প্ৰস্তুত কৰিব নাজানে বিয়াৰ পূৰ্বে খাদ্য বনোৱা শিকিবলৈ আহ্বান জনায়।