NORTHEAST NOW (Assamese)
অসম

প্ৰধান মন্ত্ৰীৰ আহ্বানক সহাৰি জনাই পুৰণিগুদামৰ মহিলাই তৈয়াৰ কৰিছে গামোচাৰ শতাধিক মাস্ক

Posted by: ভাৰ্গৱ হাজৰিকা Updated by: ভাৰ্গৱ হাজৰিকা April 15, 2020 9:36 am
Puranigudam story

বুধবাৰে ৰাতিপুৱা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাষ্ট্ৰক সম্বোধনৰ সময়ত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ পৰা নিজকে সুৰক্ষিত কৰিবৰ বাবে দেশবাসীক নিজৰ ঘৰতে তৈয়াৰী মাস্ক তথা মুখাভূষণ পৰিধান কৰিবলৈ আহ্বান জনোৱাৰ পাছতে প্ৰধান মন্ত্ৰীৰ আহ্বানৰ প্ৰতি সহাৰি জনাইছে নগাঁও জিলাৰ পুৰণিগুদামৰ একাংশ মহিলাই।

বহাগ বিহুৰ সময়ত পুৰণিগুদামৰ সূতাৰ ডেকাচুকৰ পাঁচগৰাকী মহিলা একত্ৰিত হৈ গামোচাৰে মাস্ক তৈয়াৰ কৰাত ব্যস্ত হৈ পৰিছে।

কোনোবাই যদি গামোচাত ফুল তুলিছ আন কোনোবা এগৰাকীয়ে জোখ-মাখ লৈ কাপোৰ কাটিছে, আন এগৰাকী আকৌ ব্যস্ত হৈ পৰিছে গামোচাৰ কটা অংশবোৰেৰে মাস্ক চিলাই কাৰ্য্যত।

বিহুৰ দিনকেইটাত পৰম্পৰা অনুসৰি মহিলা কেইগৰাকীয়ে জ্যেষ্ঠ তথা আপোনজনক বিহুৱান দিয়াৰ বিপৰীতে এইবাৰ গামোচাৰে তৈয়াৰী মাস্ক প্ৰদান কৰাৰ পৰিকল্পনা কৰি বিগত কিছুদিন ধৰি বহু সংখ্যক মাস্ক তৈয়াৰ কৰি আহিছিল যদিও প্ৰধান মন্ত্ৰীৰ আহ্বানৰ পাছত এতিয়া আটাইকেইগৰাকী মহিলাই দিনটোৰ ভিতৰতে প্ৰায় শতাধিক মাক্স তৈয়াৰ কৰিছে ।

অৱশ্যে, বিহুৱান হিচাপে মহিলা কেইগৰাকীয়ে মাস্ক সমূহ আপোনজনক প্ৰদান কৰিব যদিও বাকী সংখ্যক মাস্ক উপযুক্ত দৰত বিক্ৰী কৰা বাবেও মনস্থ কৰিছে।

তেওঁলোকৰ মতে, ক’ৰ’না ভাইৰাছৰ পৰা নিজকে সুৰক্ষিত ৰাখিবলৈ হ’লে সামাজিক দূৰত্ব বজাই ৰাখি প্ৰত্যেকেই মাস্ক পৰিধান কৰিব লাগিব।