NORTHEAST NOW (Assamese)
অসম

চামগুৰি আমবাগানত অবৈধ কাঠফলা মিল উৎখাত

Posted by: বিদ্যুত জ্যোতি বৰা Updated by: বিদ্যুত জ্যোতি বৰা June 15, 2020 6:57 pm

নগাওঁ জিলাৰ শালনা বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত বৰজুৰিত বন বিভাগে অভিযান চলাই চোৰাং কাঠ জব্দ কৰাৰ লগতে আমবাগানত অবৈধ কাঠফলা মিল উৎখাত কৰিবলৈ সক্ষম হয় ৷

জানিব পৰা মতে, শালনা বনাঞ্চিল বিষয়া নেপাল মণ্ডলৰ নেতৃত্বত আৰু বন পালক প্ৰনৱ বৰাৰ সহ এটা বন কৰ্মীৰ দলে দেওবাৰে নিশা এক গোপন সুত্ৰৰ পম খেদি বৰজুৰি অঞ্চলত অভিযান চলাই ১৪ টা মূল্যবান চোৰাং কাঠৰ ফান্ট্ৰা জব্দ কৰিবলৈ সক্ষম হয় ৷

কাৰ্বি আংলং জিলাৰ পাৰ্কুপ পাহাৰ বনাঞ্চলিক কাৰ্যালয়ৰ অধীনৰ বৰজুৰি খণ্ড বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত অঞ্চলৰ পৰা চোৰাং কাঠ খিনি সৰবৰাহ কৰি বৰজুৰি অঞ্চলত মজুত কৰি ৰাখিছিল বুলি বন বিভাগে জানিবলৈ দিয়ে ৷

আনহাতে, সোমবাৰে  শালনা বন বিভাগে আমবাগান অঞ্চলত অবৈধ কাঠ ফলা মিলৰ বিৰুদ্ধে অভিযান চলাই নিতাই মণ্ডল নামৰ লোক জনৰ অবৈধ কাঠ ফলা মিলটোৰ যন্ত্ৰাংশ সমূহ জব্দ কৰে ৷

বন বিভাগৰ লোকে জব্দ কৰা কাঠ মিলটোৰ যন্ত্ৰাংশ সমুহ খেৰৰ মেজিৰ তলত লুকুৱাই ৰাখিছিল বুলি বন বিভাৰ এক সুত্ৰই জানিবলৈ দিয়াৰ লগতে জব্দ কৰা চোৰাং কাঠ খিনি আৰু অবৈধ কাঠমিলটোৰ যন্ত্ৰাংশ সমূহ শালনা বনাঞ্চলিক কাৰ্যালয়ত আছে বুলি জানিব পৰা গৈছে ৷