NORTHEAST NOW (Assamese)

তিনিচুকীয়াত ড্ৰাগছ, বাল্য বিবাহ আদিৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ উদ্দেশ্যে কৰ্মশালা অনুষ্ঠিত

March 21, 2022 7:03 pm · কল্পজ্যোতি শইকীয়া, গুৱাহাটী
Updated: March 21, 2022 7:05 pm

তিনিচুকীয়া আৰক্ষীৰ উদ্যোগত যোৱা ১৩ মাৰ্চৰ পৰা ২০ মার্চলৈ আঠদিনীয়া কাৰ্যসূচীৰে তিনিচুকীয়া জিলাৰ লেখাপানী, বৰদুমচা, মাকোম,মাৰ্ঘেৰিটা,ডুমডুমা, ডিগবৈ আদিৰ ভিতৰুৱা অঞ্চল সমূহত ড্ৰাগছ, বাল্য বিবাহ আদিৰ সন্দৰ্ভত গাঁওৰক্ষী বাহিনী, মহিলা সমিতি আৰু যুৱ সংগঠনক লৈ এক অনুষ্ঠানৰ লগতে কৰ্মশালাও অনুষ্ঠিত হৈ যায়।

উক্ত কৰ্মশালা তথা প্ৰেৰণাত্মক অনুষ্ঠান সমূহত সমল ব্যক্তি তথা মুখ্য বক্তা হিচাপে বক্তব্য ৰাখে অসমৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ বক্তা বিশিষ্ট মানৱ অধিকাৰ তথা সমাজ কাৰ্ম্মী ডঃ দিব্যজ্যোতি শইকীয়াই।

আন্তৰ্জাতিক শান্তি বঁটা প্ৰাপক ডঃ দিব্যজ্যোতি শইকীয়াই  ড্ৰাগছ আৰু বাল্য বিবাহ আদিৰ কুফল সন্দৰ্ভত বিস্তৃত ভাবে বিশ্লেষণ কৰি স্থানীয় লোকসকলক এই ক্ষেত্ৰত সজাগ কৰাৰ বাবে চেষ্টা চলায়।

ডঃ শইকীয়াই কয় যে বহু অভিভাৱকৰ অমনোযোগিতাৰৰ কাৰণে ড্ৰাগছ আৰু বাল্য বিবাহ আদিয়ে সমাজক ধংস কৰিছে। তেওঁ কেনেদৰে ইয়াক উৎখাত কৰিব পাৰি সেই বিষয়েও তেওঁ বাখ্যা আগবঢ়ায়।

Related News