NORTHEAST NOW (Assamese)

দিশপুৰ মহাবিদ্যালয়ত শৈক্ষিক আৰু প্ৰশাসনিক হিচাপ সম্পৰ্কীয় কৰ্মশালা সম্পন্ন

March 31, 2022 8:41 pm · এন ই নাও নিউজ, গুৱাহাটী

দিশপুৰ মহাবিদ্যালয়ৰ আভ্যন্তৰীণ গুণগত মান নিৰূপণ কোষৰ উদ্যোগত মঙলবাৰে মহাবিদ্যালয়ৰ শৈক্ষিক আৰু প্ৰশাসনিক হিচাপ সম্পৰ্কত এখনি কৰ্মশালা অনুষ্ঠিত হয়।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক তথা মহাবিদ্যালয় উন্নয়ণ পৰিষদৰ প্ৰাক্তন অধ্যক্ষ ড° যোগেন কলিতাই উক্ত কৰ্মশালাত মুখ্য বক্তা হিচাপে অংশগ্ৰহণ কৰে।

লগতে পঢ়ক: শিক্ষকৰ নাথাকিব কোনো অতিৰিক্ত বোজা; শিক্ষাদানেই হ’ব প্ৰাথমিক আৰু প্ৰধান লক্ষ্য

দিশপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° নবজ্যোতি বৰাই আনুষ্ঠানিকভাবে আৰম্ভ কৰা কৰ্মশালাখনত মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকা, কৰ্মচাৰীসকল উপস্থিত থাকে।

শৈক্ষিক আৰু প্ৰশাসনিক হিচাপৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ত অনুষ্ঠিত কৰ্মশালাখনত বিভিন্ন গুৰুত্বপূৰ্ণ দিশৰ ওপৰত আলোকপাত কৰা হয়।

Related News