NORTHEAST NOW (Assamese)
অসম

তামুলপুৰ পশু চিকিৎসালয়ত পশুপালনৰ ওপৰত কৰ্মশালা অনুষ্ঠিত

Posted by: দীপক কুমাৰ পাঠক, বাক্সা Updated by: দীপক কুমাৰ পাঠক, বাক্সা December 3, 2021 4:59 pm
Assam

আজি বাক্সা জিলাৰ তামুলপুৰ পশু চিকিৎসালয়ত পশুপালনৰ ওপৰত এক কৰ্মশালা অনুষ্ঠিত হয়।

পশু চিকিৎসা বিষয়া ডাঃ ৰূপম চন্দ্ৰ বড়োই আঁত ধৰা কৰ্মশালাত তামুলপুৰ অঞ্চলৰ বহু কৃষক আৰু পশুপালক উপস্থিত থাকে।

আজিৰ এই কৰ্মশালাত তামুলপুৰৰ মহকুমাধিপতি ডাঃ বেদাংগ তালুকদাৰ, বিটিচিৰ মনোনীত সদস্য হেমন্ত কুমাৰ ৰাভাৰ লগতে তামুলপুৰ পশু চিকিৎসালয়ৰ চিকিৎসক ডাঃ মুকুট দাস, কুমাৰীকাটাৰ ডাঃ মহেশ দাস, নাগ্ৰীজুলিৰ ডাঃ পৃথব পৃথু সিং ছেত্ৰী, এছ ভি ডি পাকৰীবাৰীৰ ডাঃ সীমান্ত চৌধুৰীৰ লগতে মহকুমাটোৰ বিভিন্ন স্থানৰ পশু চিকিৎসক সকলৰ লগতে বিভাগীয় কৰ্তৃপক্ষ উপস্থিত থাকে।

আজিৰ কৰ্মশালাই অঞ্চলটোৰ কৃষক তথা পশুপালাক সকলক বিশেষ ভাৱে উপকৃত কৰিব বুলি আশা প্ৰকাশ কৰিছে চিকিৎসক সকলে।

বিজ্ঞান সন্মত ভাৱে কি দৰে পশুপালন কৰি অধিক লাভান্বিত হব পাৰি তাৰ ওপৰত পৰ্যালোচনা কৰা হয় আজিৰ কৰ্মশালাত।