NORTHEAST NOW (Assamese)
অসম

ভৱিষ্যৎ গঢ়াৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলে এটা মুক্ত মন লৈ আগবঢ়া উচিত : ডাঃ এছ লক্ষ্মণন

Posted by: পাৰ্শ্বজ্যোতি গগৈ March 27, 2019 7:27 am
Sivasagar AASU

মঙলবাৰে শিৱসাগৰৰ নাট্য মন্দিৰত সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থা আৰু শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থাই হাইস্কুল শিক্ষান্ত পৰীক্ষা, উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা আৰু স্নাতক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত ছাত্ৰ ছাত্ৰী সকলে কেনে ধৰণৰ শিক্ষা গ্ৰহণ কৰিব বা কেনে ধৰণে ভৱিষ্যত জীৱন গঢ় দিব সেই সম্পৰ্কে সজাগতা বৃদ্ধিৰ বাবে কেৰিয়াৰ বিষয়ক এখন কৰ্মশালাৰ আয়োজন কৰে।

অনুষ্ঠানটোৰ আঁত ধৰে শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি মানৱজ্যোতি কলিতা আৰু সাধাৰণ সম্পাদক দিপাংকৰ শইকীয়াই। আদৰণি ভাষণ প্ৰদান কৰে জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে। অনুষ্ঠানটো উদ্ধোধন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক শৰৎ হাজৰিকাই।

আনহাতে অনুষ্ঠানটোত উপস্থিত থাকি শিৱসাগৰ জিলা উপায়ুক্ত ডাঃ এছ লক্ষ্মণনে শিক্ষাৰ লগতে আত্মসংস্থাপনৰ উপযোগিতা থকা কৃষি, উদ্যোগ, বাণিজ্য আদি দিশতো শিক্ষাৰ্থী সকলক মনোনিবেশ কৰিবলৈ আহ্বান জনায়। তেওঁ কয়,  ‘নিজৰ ভৱিষ্যত গঢ়ি তোলাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলে এটা মুক্ত মন লৈ আগবাঢ়ি যোৱা উচিত’।

কৰ্মশালাত উপস্থিত থকা ছাত্ৰ-ছাত্ৰীৰ একাংশ। ফটো : নৰ্থ-ইষ্ট নাও

অনুষ্ঠানটিত সমল ব্যক্তি ৰূপে উপস্থিত থাকি বিশিষ্ট কেৰিয়াৰ পৰামৰ্শদাতা তথা গিৰিজানন্দ ইনষ্টিটিউট অৱ মেনেজমেন্ট টেকন’লজি, তেজপুৰৰ অধ্যক্ষ ড০ বুলজিৎ বুঢ়াগোহাঁইয়ে ছাত্ৰ ছাত্ৰীসকলৰ মাজত কেৰিয়াৰ সম্পৰ্কীয় বিভিন্ন পৰামৰ্শ আগবঢ়োৱাৰ লগতে মত বিনিময়ো কৰে।

অনুষ্ঠানটোত সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক উদ্দীপজ্যোতি গগৈ, শিৱসাগৰ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক আব্দুল জেলিল, কেইবা শতাধিক ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱকসকল উপস্থিত থাকে।