NORTHEAST NOW (Assamese)
অসম

দিশপুৰ মহাবিদ্যালয়ত মেকআপ আৰু মেহেন্দী কলাৰ কৰ্মশালা সম্পন্ন

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 27, 2022 8:49 am
index1

দিশপুৰ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ ছাত্ৰী জিৰণি কোঠা বিভাগৰ সৌজন্যত তথা ছাত্ৰী জিৰণি কোঠাক তত্বাৱধায়িকা ডঃমৌচুমী দেবীৰ তত্বাৱধানত যোৱা ২১ মাৰ্চৰ পৰা ৫দিনীয়া মেকআপ আৰু মেহেন্দী কলা বিষয়ক এখন কৰ্মশালা অনুষ্ঠিত হয়।

কৰ্মশালাখনত মেকআপ বিষয়ৰ প্ৰশিক্ষণ আগবঢ়ায় মহাবিদ্যালয়খনৰ পৰিচালনা বিভাগৰ প্ৰাক্তন ছাত্ৰী, প্ৰতিষ্ঠিত মেকআপ শিল্পী অংকুৰী বিশ্বাসে। সেইদৰে মেহেন্দি বিষয়ক প্ৰশিক্ষণ আগবঢ়ায় মহাবিদ্যালয়খনৰ ছাত্ৰ তথা ব্যস্ত মেহেন্দী শিল্পী ঋতুপৰ্ণ আবং-য়ে।

শনিবাৰে কৰ্মশালাখনৰ সামৰণি অনুষ্ঠানত মহাবিদ্যালয়খনৰ অধ্যক্ষ ডঃ নৱজ্যোতি বৰাই বৰ্তমান সময়ত বৃত্তিমুখী শিক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰি বক্তৱ্য আগবঢ়ায়।

উল্লেখ্য যে কৰ্মশালাখনত ছাত্ৰীৰ উপৰিও কেইবাজনো ছাত্ৰয়ো প্ৰশিক্ষণ লয়।