NORTHEAST NOW (Assamese)
অসম

আজি বিশ্ব মুক্ত সংবাদমাধ্যম দিৱস; সন্মুখত বৃহৎ প্ৰত্যাহ্বান

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 3, 2021 12:50 pm
maxresdefault

আজি বিশ্ব মুক্ত সংবাদমাধ্যম দিৱস। সমগ্ৰ বিশ্বতে আজি ৩মে’ৰ দিনটোত এই দিৱস পালন কৰা হয়।

১৯৯১চনত ইউনেস্কোৰ ২৬সংখ্যক সাধাৰণ অধিৱেশনৰ পৰামৰ্শ অনুসৰি ১৯৯৩চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত ৩ মে’ তাৰিখটোক ‘ৱৰ্ল্ড প্ৰেছ ফ্ৰীডম ডে’ অৰ্থাৎ বিশ্ব মুক্ত সংবাদমাধ্যম দিৱস হিচাপে স্বীকৃতি দিয়া হয়।

এই দিনটোত সাংবাদিকৰ স্বাধীনতা তথা মুক্ত সংবাদমাধ্যম প্ৰতিষ্ঠাৰ মৌলিক নীতিসমূহৰ অনুসৰণ, বিশ্বজুৰি সংবাদমাধ্যমৰ স্বাধীনতাৰ মূল্যায়ন, স্বাধীনতাত হস্তক্ষেপ প্ৰতিহত কৰাৰ শপত গ্ৰহণ তথা বৃত্তিগত দায়িত্ব পালনকালত ক্ষতিগ্ৰস্ত বা মৃত সাংবাদিকসকলক স্মৰণ আৰু তেওঁলোকৰ প্ৰতি শ্ৰদ্ধা তথা সন্মান জনোৱা হয়।

ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এন্ট’নিও গুটৰেছে এক বাৰ্তাত কয় যে মহামাৰী তথা পৰিৱেশৰ জৰুৰী পৰিস্থিতিকে ধৰি আন সংকটকালীন সময়ত সাংবাদিক তথা সংবাদমাধ্যমৰ কৰ্মীসকল ক্ষতিকাৰক,ভুল আৰু মিথ্যাচাৰক মোকাবিলা কৰাৰ বাবে আমাক দ্ৰুত পৰিৱৰ্তিত আৰু অপৰিসীম তথ্যৰাজি তুলি ধৰাত সহায় কৰে।

আজিৰ দিনটোত সংবাদমাধ্যমে বিভিন্ন দিশৰ পৰা প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। বিভিন্ন সময়ত চৰকাৰী পক্ষয়ো সংবাদমাধ্যমৰ ওপৰত চাপৰ সৃষ্টি কৰে আৰু নিজৰ নিৰ্দিষ্ট নীতিসমূহৰ ক্ষতিকাৰক দিশসমূহৰ সমালোচনা কৰিলেও ৰুষ্ট হৈ পৰে। কেতিয়াবা ইয়াৰ বাবে সংবাদমাধ্যম, বিশেষভাৱে সাংবাদিকসকলক লক্ষ্য কৰি লোৱা হয়।

কেবল সেয়াই নহয়, বৰ্তমান পৰিস্থিতিত দেখা যায় যে সংবাদমাধ্যমক চৰকাৰ, চৰকাৰী মদতপুষ্ট কৰ্পোৰেট গোষ্ঠী তথা ইয়াৰ এজেন্টসমূহে নিৰন্তৰ সংবাদমাধ্যমৰ ওপৰত চাপৰ সৃষ্টি কৰাৰ প্ৰয়াস চলায়।

এনে বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হৈও নিজৰ দায়িত্ব-কৰ্তব্য পালনত অগ্ৰসৰ হোৱাৰ সংকল্প গ্ৰহণ কৰাটোৱে হৈছে আজিৰ দিনটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ চিন্তা।