NORTHEAST NOW (Assamese)

জগতসভাত বিশ্বগুৰু মোদীক চূড়ান্ত অপমান! ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মেক্ৰনে কৰিলে আওকাণ(চাওক ভিডিঅ’)

February 12, 2025 2:39 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: February 12, 2025 2:41 pm

বিশ্বৰ আগত অপমানিত হ’ব লগা হ’ল ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে বিশ্ব নেতাৰ সৈতে হাত মিলাই ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীআওকাণ কৰা দেখা গৈছিল। এই দৃশ্য ৰাজধানী পেৰিছত অনুষ্ঠিত বিশ্বব্যাপী কৃত্ৰিম বুদ্ধিমত্তা (AI) শীৰ্ষ সন্মিলনত দেখা গৈছিল।

মঙলবাৰে (১১ ফেব্ৰুৱাৰী) এক প্ৰতিবেদনত আনাডোলু সংবাদ সংস্থাই এই তথ্য প্ৰকাশ কৰিছে।

সংবাদ সংস্থাটোৱে জনোৱা মতে, মঙলবাৰে পেৰিছত অনুষ্ঠিত হোৱা এআই সন্মিলনত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হাত মিলাবলৈ কৰা প্ৰচেষ্টাক আওকাণ কৰা দেখা গৈছিল ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে। এই দৃশ্য সন্মিলনৰ ফুটেজত উন্মোচিত হৈছিল।

ভিডিঅ ফুটেজত দেখা গৈছে যে মোদীয়ে হাত মিলাই মেক্ৰনৰ ফালে হাত আগবঢ়াইছে। অৱশ্যে মেক্ৰনে তাত উপস্থিত থকা আন আন অংশগ্ৰহণকাৰীসকলৰ সৈতে হাত মিলাইছিল যদিও মোদীৰ প্ৰতি হাত আগবঢ়োৱা নাছিল।

আনাডোলুৱে কয় যে ৰাষ্ট্ৰপতি মেক্ৰনক ইউৰোপীয় আয়োগৰ সভানেত্ৰী উৰ্চুলা ভন ডেৰ লেয়েনৰ লগতে অন্যান্য নেতাৰ সৈতে শুভেচ্ছা বিনিময় কৰা দেখা গৈছিল।

মোদীয়ে হাত আগবঢ়ায়ো মোদীৰ সৈতে হাত মিলাব নোৱাৰাৰ ঘটনাই ছচিয়েল মিডিয়াত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে, একাংশই ইয়াক কূটনৈতিক অসন্মান বুলি ব্যাখ্যা কৰিছে।

এই সন্দৰ্ভত ফৰাচী বা ভাৰত চৰকাৰেও কোনো মন্তব্য কৰা নাই।

Related News