NORTHEAST NOW (Assamese)
ক্ৰীড়া

বিশ্ব টেবুল টেনিছ চেম্পিয়নশ্বিপত ডাবলছ্, মিক্সড্ ডাবলছৰ কোৱাৰ্টাৰত মণিকা বাট্ৰা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 27, 2021 5:55 pm
Manika Batra

বিশ্ব টেবল টেনিছ চেম্পিয়নশ্বিপত মিক্সড আৰু মহিলা ডাবলছ ইভেণ্টত কোৱাৰ্টাৰ ফাইনেলত উপনীত হৈছে ভাৰতীয় টেবুল টেনিছ তাৰকা মণিকা বাট্ৰা।

শুকুৰবাৰে মহিলাৰ দ্বৈত শাখাত ৰাউণ্ড অফ ১৬ত মণিকা আৰু অৰ্চনা কামাথে হাংগেৰীৰ ডোৰা মাদাৰাজ আৰু জৰ্জিনা পোটাক ১১-৪ ১১-৯ ৬-১১ ১১-৭ ত পৰাস্ত কৰে।

ছেমিফাইনেলত স্থান লাভৰ পথত এতিয়া ভাৰতীয় যুটিটো কোৱাৰ্টাৰত লাক্সেমবাৰ্গৰ চাৰাহ ডি নুটে আৰু জিয়া লিয়ান নিৰ মুখামুখি হ’ব।

আনহাতে মিক্সড্ ডাবলছত মণিকা আৰু জি সাথিয়ানে প্ৰথম দুটা গেম হেৰুওৱাৰ পিছত দুৰ্দান্ত প্ৰত্যাৱৰ্তন কৰি আমেৰিকা-চীন যুটি কনক ঝা আৰু ৱাং মান্যুৰ বিৰুদ্ধে জয়ী হয়।

ভাৰতীয় যুটিটোৱে ১৫-১৭ ১০-১২ ১২-১০ ১১-৬ ১১-৭ ত বিজয়ী হয়। তেওঁলোকে কোৱাৰ্টাৰ ফাইনেলত জাপানৰ হৰিমোটো টোমোকাজু আৰু হায়াতা হিনাৰ সৈতে প্ৰতিদ্বন্দীতা কৰিব।

অৱশ্যে শৰৎ কমল আৰু অৰ্চনাৰ মিক্সড্ ডাবলছ যুটিয়ে ফ্ৰান্সৰ জিয়া নান য়ুৱান আৰু ইমানুৱেল লেবেছনৰ বিপক্ষে ৰাউণ্ড অফ 16 মেচত পৰাজিত হৈ প্ৰতিযোগিতাৰ পৰা বিদায় লৈছে।