NORTHEAST NOW (Assamese)
অসম

আউট অফ দ্য ৱৰ্ল্ড: মহাকাশত খুলিছে প্ৰথমখন হোটেল; ছুটী কটাবলৈ সাজু!

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 5, 2021 9:47 am
1b1202e81b290d36195a6d88cd150258

অৱসৰ কটাবলৈ এখন হোটেলত গৈ থাকি ৰেষ্টুৰেন্টত খাবলৈ কোনেনো ভাল নাপায়? কিন্তু সেই হোটেলখন নিৰ্বাচন কৰাটোৱেই হৈছে আটাইতকৈ কঠিন কাম।

শেহতীয়া চমক দিয়া বাতৰিটো হৈছে যে মহাকাসতো এখন ৰেষ্টুৰেন্ট নিৰ্মাণ কৰা হৈছে। কেবল মন পছন্দৰ খোৱা-বোৱাই নহয়, এই বিশেষ ৰেষ্টোৰাত আপুনি পাব আৰু বহু মন ভুলোৱা সম্ভাৰ।

প্ৰকল্পটোৰ নাম ‘আউট অফ দ্য ৱৰ্ল্ড’। ভয়জাৰ স্পেচ ষ্টেশ্যনে এইখন নিৰ্মাণ কৰিছে। ২০২৭চনৰ ভিতৰত এই ‘আউট অফ দ্য ৱৰ্ল্ড’ৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিব। একেলগে ৪০০ মানুহ তাত গৈ খোৱাবোৱা কৰাৰ সুবিধা থাকিব।

কিন্তু মহাকাশৰ হোটেলত খাই বৈ আহি ঘৰত শুই থকাটোতো সম্ভৱ নহয়, সেয়েহে তাত কমেও চাৰিদিন থাকিব লাগিব। সেই ব্যৱস্থা অৱশ্যে তাত কৰা হৈছে।

সেয়াই নহয়, চিনেমা হল, বাৰ, কনছাৰ্টৰ স্থান, লাইব্ৰেৰী, জিমৰ দৰে সকলো সুবিধাই উপলব্ধ হ’ব ইয়াত। মনোৰঞ্জনৰ সকলো ব্যৱস্থা ৰখা হৈছে তাত। তদুপৰি, পুৱা শুই উঠিয়েই ইয়াৰ পৰা আপুনি চাব পাৰিব পৃথিৱীৰ সৌন্দৰ্য।

ভয়জাৰ স্পেচ হোটেলখন নিৰ্মাণ কৰিছে অৰবিটেল এছেম্বলি কৰ্প’ৰেশ্যনে। সংস্থাটোৱে জানিবলৈ দিয়ে যে হোটেলখন নিৰ্মাণৰ কাম ২০২৫চনত আৰম্ভ কৰা হ’ব। মানুহৰ বাবে সেইখন ২০২৭চনৰ ভিতৰত মুকলি কৰি দিয়া হ’ব।

কিন্তু কিমান খৰচ পৰিব? মহাকাশত গৈ ইমান আমোদ-মনোৰঞ্জনতো আৰু খালী হাতে সম্ভৱ নহয়। বেচি নহয়, তিনিদিন আৰু এবেলাৰ বাবে ৫মিলিয়ন দিলেই হ’ব। মানে ৩৬ কোটি। পাৰিলে যাব, নহ’লে ঘৰতে শুই সপোন দেখাই ভাল!