NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

চীনত উদ্ধাৰ বিশ্বৰ সৰ্ববৃহৎ স্বৰ্ণ ভাণ্ডাৰ! ১,০০০ মেট্রিক টন সোণ জমা আছে চীনৰ ভূগৰ্ভত

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী November 30, 2024 12:47 pm

প্ৰকৃতিয়ে চীনক প্ৰদান কৰিছে আন এক ঐশ্বৰ্য। ৰঙা চীন হ’বলৈ গৈ আছে স্বৰ্ণ চীন। চীনৰ হুনান প্ৰদেশৰ পিংজিয়াং কাউণ্টিত আৱিস্কাৰ হৈছে বিশ্বৰ সৰ্ববৃহৎ সোণৰ ভাণ্ডাৰ।


জানিব পৰা মতে এই সোণখিনি অতি উচ্চ মানৰ। ভাৰতীয় মাপত প্ৰায় ১০ লাখ কিলোগ্ৰাম সোণ জমা হৈ আছে এই অঞ্চলত।

চীনৰ ভূতাত্ত্বিক জৰীপ বিভাগে প্রকাশ কৰামতে এই সোণখিনিৰ ভাৰতীয় মূল্য হ’ব প্রায় ৭০.৪১ লাখ কোটি টকা।

ভূগৰ্ভত প্রায় ৩ কিলোমিটাৰ গভীৰলৈকে এই সোণখিনিৰ অৱস্থিতি ধৰা পেলাইছে ভূতাত্বিক বিভাগে।

উল্লেখ্য যে ইয়াৰ পূৰ্বে এই খনিটো আৱিস্কাৰ হোৱাৰ পিছত দক্ষিণ আফ্ৰিকাৰ ছাউথ দীপৰ সোণৰ খনিক অতিক্ৰম কৰি আটাইতকৈ বৃহৎ সোণৰ ভাণ্ডাৰ থকা দেশলৈ পৰিণত হৈছে চীন।