NORTHEAST NOW (Assamese)
Popular Stories

ক’ত নিৰ্মাণ হৈছে বিশ্বৰ সৰ্ববৃহৎ মন্দিৰটো?; চলিত মাহতে ভক্তৰ বাবে মুকলিৰ সম্ভাৱনা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 19, 2020 10:47 am
World Largest temple

বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ মন্দিৰটো চলিত মাহৰ ভিতৰতে ভক্ত সকলৰ বাবে মুকলি কৰি দিয়া হ’ব বুলি জানিব পৰা গৈছে।

পশ্চিমবংগৰ নদীয়া জিলাত বিশ্বৰ সৰ্ববৃহৎ এই মন্দিৰটো নিৰ্মাণ কৰি থকা হৈছে।

বৈদিক তাৰকাগৃহ মন্দিৰৰ এক লাখ বৰ্গ ফুট বহল প্ৰথম মহলাৰ নিৰ্মাণ কাৰ্য্য ইতিমধ্যে সম্পুৰ্ণ হৈছে বুলি জানিব পৰা গৈছে আৰু সমগ্ৰ মন্দিৰটোৰ নিৰ্মাণ কাৰ্য্য ২০২২ চনৰ ভিতৰত সমাপ্ত হ’ব।

বৰ্তমানলৈ প্ৰায় দুই কোটি কিলোগ্ৰাম চিমেণ্ট ব্যৱহাৰ হোৱা মন্দিৰটোৰ নিৰ্মাণ কাৰ্য্য এটা দশক পূৰ্বে আৰম্ভ কৰা হৈছিল।

বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ মন্দিৰৰ আখ্যা পাবলগীয়া এই মন্দিৰটোৰ প্ৰতিটো মহলাই এক লাখ বৰ্গ ফুটৰ হ’ব।

সমগ্ৰ বিশ্বত বৈদিক সংস্কৃতি আৰু জ্ঞান প্ৰচাৰৰ উদ্দেশ্যে নিৰ্মাণ কৰা এই মন্দিৰটোৰ সৈতে আধুনিক আৰু বিজ্ঞানসন্মত পদ্ধতিৰে বৈদিক দৰ্শন উপস্থাপনৰ সুবিধা সংলগ্ন কৰা হৈছে।

৩৮০ ফুটি উচ্চতাৰ মন্দিৰটোত পশ্চিমীয়া ভাস্কৰ্ষ্যৰ প্ৰভাৱৰ বাবে বিশেষ ব্লু বলিভিয়ান মাৰ্বল ব্যৱহাৰ কৰা হৈছে।

‘‘এই মন্দিৰটো প্ৰাচ্য আৰু পাশ্চাত্য ভাস্কৰ্য্যৰ আৰ্হিৰ এক সমন্বয়ত গঢ় লৈ উঠিব। ভিয়েটনামৰ পৰা মন্দিৰত ব্যৱহাৰ কৰা মাৰ্বল আমদানি কৰা হৈছে লগতে ভাৰতৰ মাৰ্বলো ব্যৱহাৰ কৰা হৈছে,’’ বৈদিক তাৰকাগৃহ মন্দিৰৰ পৰিচালন সঞ্চালক সুধাভূজ দাসে কয়।

মন্দিৰটোৰ সৈতে ভক্ত সকলৰ বাবে বিশেষ জিৰণি গৃহৰো নিৰ্মাণ কৰা হ’ব। মন্দিৰটোৰ নিৰ্মাণ কাৰ্য্য সম্পুৰ্ণ হৈ উঠিলে ইয়াত লাখ লাখ ভক্তই একেলগে বহিব পৰা সুবিধা উপলব্ধ হ’ব।