NORTHEAST NOW (Assamese)
অৰুণাচল

অৰুণাচলৰ টেঙাপানীত বিশ্বৰ উচ্চতম বুদ্ধ মূৰ্তি উন্মোচন

November 15, 2018 6:31 pm
Buddha-statue-750x375

বিশ্বৰ আটাইতকৈ ওখ বাঁহেৰে নিৰ্মিত বুদ্ধ মূৰ্তিটো অৰুণাচলৰ টেঙাপানীত উন্মোচন কৰা হৈছে। এই মূৰ্তিটো ৪৫ফুট ওখ আৰু সম্পূৰ্ণ বাঁহেৰে নিৰ্মাণ কৰা হৈছে। এই বাঁহ ম্যানমাৰ আৰু অৰুণাচলত স্থানীয়ভাৱে ওপজে। ম্যানমাৰৰ পৰা অহা ৫০জনীয়া শিল্পীৰ এটা দলে প্ৰায় দুবছৰ ধৰি কাম কৰি এই মূৰ্তিটো নিৰ্মাণ কৰি উলিয়ায়। স্থানীয় বিধায়ক চাও তেৱা মেইনে এই মূৰ্তিটো দান দিয়ে।

এই তিনিদিনীয়া অনুষ্ঠানটো বুধবাৰে আৰম্ভ হৈছে আৰু অহা শুকুৰবাৰে অন্ত পৰিব। প্ৰধান ভিক্ষুগৰাকীয়ে সুদুৰ ম্যানমাৰৰ পৰা আহি এই উদ্বোধনী অনুষ্ঠানত যোগদান কৰে।

দাতা চাও তেৱা মেইনেই কৈছে যে মূৰ্তিটো নিৰ্মাণত ব্যৱহাৰ কৰা বাঁহ ৰাসায়নিকভাৱে ট্ৰিটমেণ্ট কৰা হৈছে আৰু এই মূৰ্তিটো ৫০০ বছৰলৈ ভালে থাকিব।

এই মূৰ্তিটোৰ উপৰিও ইয়াত এটা বিৰাট ধ্যান কেন্দ্ৰ আছে। মেইনে আৰু কৈছে যে এই আঞ্চলটোক এটা আধ্যাত্মিক পৰ্যটনৰ উপৰিও এটা পৰিৱেশ-পৰ্যটন কেন্দ্ৰ হিচাপে উন্নীত কৰিব বিচাৰে।