NORTHEAST NOW (Assamese)
দেশ

সুদিন ওভতি অহা নাই আদানীৰ! এদিনতে ঘাটি ৫১ হাজাৰ কোটি!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 22, 2023 2:44 pm

ভাৰতীয় উদ্যোগপতি তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰম মিত্ৰ গৌতম আদানীৰ ব্যৱসায়িক সাম্ৰাজ্যৰ পতন অব্যাহত আছে।

বুধবাৰেও গৌতম আদানীৰ প্ৰতিষ্ঠানসমূহৰ শ্বেয়াৰৰ মূল্য হ্ৰাস পাইছে। দিনটোত আদানীৰ ব্যৱসায়িক লোকচানৰ পৰিমাণ হৈছে ৫১ হাজাৰ কোটিৰো অধিক টকা।

ইয়াৰ ফলতে আদানী গ্ৰুপৰ কোম্পানীসমূহৰ মূলধন ৮ লাখ কোটি টকাৰ তললৈ হ্ৰাস পাইছে। এই পতন যোৱা দুটা সপ্তাহৰ ভিতৰত আটাইতকৈ বৃহৎ পতন বুলিও কোৱা হৈছে।

উল্লেখ্য, যোৱা ২৪ জানুৱাৰীত মাৰ্কিন শ্বৰ্ট চেলাৰ প্ৰতিষ্ঠান হিণ্ডেনবাৰ্গ ৰিচাৰ্ছে আদানী গ্ৰুপে বিত্তীয় জালিয়াতিৰ আশ্ৰয় লৈ অহাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰাৰ পাছৰে পৰা আদানী ব্যৱসায়িক সাম্ৰাজ্যত পতন আৰম্ভ হয়। মাজতে আদানী গ্ৰুপৰ প্ৰতিষ্ঠানসমূহৰ শ্বেয়াৰ মূল্য কিছু বৃদ্ধি পাইছিল যদিও সেই ধাৰাত পুনৰ যতি পৰিছে।

হিণ্ডেনবাৰ্গ ৰিচাৰ্ছৰ প্ৰতিবেদনৰ পাছতে আদানী গ্ৰুপৰ অতি কমে ১২ লাখ কোটি টকা অৰ্থাৎ ৬০%ৰো অধিক ব্যৱসায়িক লোকচান ঘটিছে। 

বুধবাৰেও আদানী গ্ৰুপৰ সকলো প্ৰতিষ্ঠানৰে শ্বেয়াৰ মূল্য ৫ৰপৰা ১১ শতাংশলৈ হ্ৰাস পাইছে।