NORTHEAST NOW (Assamese)
অসম

মল্লযুদ্ধ বিশ্বকাপত ভাৰতৰ হৈ প্ৰথমটো পদক অৰ্জন অংশু মালিকৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 17, 2020 2:24 pm

বেলগ্ৰেডত অনুষ্ঠিত মল্লযুদ্ধ বিশ্বকাপত ভাৰতৰ হৈ প্ৰথমটো পদক লাভ কৰিছে অংশু মালিকে।

প্ৰতিযোগিতাখনৰ ৫৭ কিলোগ্ৰাম বৰ্গত অংশ লোৱা মালিকে ৰূপৰ পদক জয়ী হৈ এই কৃতিত্বৰ অধিকাৰী হয়।

মালিক ফাইনেলত মলডোভাৰ অনাতাছিয়া নিকিতাৰ হাতত ৫-১ৰ ব্যৱধানত পৰাস্ত হয়।

১৯ বছৰীয়া অংশুৱে জুনিয়ৰ আৰু চাব-জুনিয়ৰ পৰ্যায়তো নিজৰ প্ৰতিভাৰ চমক দি থৈছে।

১২ ডিচেম্বৰৰ পৰা চাৰ্বিয়াৰ বেলগ্ৰাডত চলি থকা ব্যক্তিগত স্পৰ্দ্ধাৰ বিশ্বকাপৰ কোৱালিফায়িং ৰাউণ্ডৰ প্ৰথমখন মেচত অংশু মালিকে আজাৰবাইজানৰ এলোনা কোলেনিছৰ বিৰুদ্ধে খেলিছিল।

অংশুৱে এলোনাক ৪-২ ব্যৱধানত পৰাস্ত কৰিছিল।

কোৱাৰ্টাৰ ফাইনেলত অংশুৱে জাৰ্মানীৰ লোৰা মৰ্টেণ্টক ৩-১ৰ ব্যৱধানত পৰাস্ত কৰে।

ইফালে ছেমিত ৰাছিয়াৰ ৱেৰোনিকা চুমিকোৱাক ৭-৪ ব্যৱধানত পৰাস্ত কৰি অংশুৱে ফাইনেলত প্ৰৱেশ কৰে।

অংশুৱে ৰোমত অনুষ্ঠিত ৱৰ্ল্ড ৰেংকিং ছিৰিজ ৰেছলিং চেম্পিয়নশ্বিপ আৰু এছিয়া চেম্পিয়নশ্বিপতো ৰূপৰ পদক জয়ী হৈছিল।

আনহাতে জুনিয়ৰ এছিয়া চেম্পিয়নশ্বিপত অংশুৱে সোণৰ পদক অৰ্জন কৰিছিল।

উল্লেখ্য যে, ক’ৰ’নাৰ ফলত বিশ্বৰ ক্ৰীড়াক্ষেত্ৰ স্তব্ধ হৈ পৰিছিল যদিও অংশুৱে নিজৰ গাঁৱত মল্লযুঁজৰ অনুশীলন অব্যাহত ৰাখিছিল। আৰু যাৰ ফলত বিশ্বকাপত এই সফলতা লাভ কৰিলে।