NORTHEAST NOW (Assamese)
Popular Stories

প্ৰেছক্ৰিপচনত স্পষ্টকৈ লিখক হাতৰ আখৰ, অন্যথা টাইপ কৰক : চিকিৎসকলৈ নিৰ্দেশ উচ্চ ‎ন্যায়ালয়ৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 4, 2025 3:22 pm

চিকিৎসকৰ প্ৰেছক্ৰিপচন পঢ়িব নোৱাৰাৰ বাবে সমস্যাৰ সন্মুখীন নোহোৱা লোক কমেইহে আছে। অৱশ্যে এই বিষয়টোত হস্তক্ষেপ কৰিছে উচ্চ ন্যায়ালয়ে।

পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে স্পষ্ট কৰি দিছে যে চিকিৎসকে লিখা প্ৰেছক্ৰিপচন স্পষ্ট আৰু পৰিপাটিকৈ লিখিব লাগিব। যদি হাতৰ আখৰ বেয়া তেন্তে টাইপ কৰি দিব লাগিব।

উল্লেখ্য যে এটা ন্যায়ালয়ত এটা ধৰ্ষণৰ গোচৰৰ শুনানি চলি আছিল। শুনানিৰ সময়ত ভুক্তভোগীৰ চিকিৎসা পৰীক্ষাৰ প্ৰতিবেদন পঢ়িবলৈ লৈ এটাও আখৰ চিনি নাপালে ন্যায়াধীশ যশগুৰপ্ৰীত সিং পুৰীয়ে।

ইয়াৰ পিছতে, উচ্চ ন্যায়ালয়ে পৰ্যবেক্ষণ কৰে যে প্ৰেছক্ৰিপচন পঢ়িব পৰাটো ৰোগীৰ মৌলিক অধিকাৰ। চিকিৎসা শিক্ষাৰ ক্ষেত্ৰতো হাতৰ আখৰৰ পাঠ অন্তৰ্ভুক্ত কৰাৰ পৰামৰ্শ দিয়া হৈছে। তদুপৰি অহা দুবছৰৰ ভিতৰত ডিজিটেল প্ৰেছক্ৰিপচন প্ৰৱৰ্তন কৰিবলৈ চৰকাৰক নিৰ্দেশ দিয়া হৈছে। তেতিয়ালৈকে প্ৰেছক্ৰিপচন স্পষ্টকৈ লিখিব লাগে, নহলে টাইপ কৰি দিব লাগে।

ন্যায়াধীশ পুৰীৰ পৰ্যবেক্ষণ অনুসৰি, যদি প্ৰেছক্ৰিপচন পাঠ্য নহয় তেন্তে কেৱল আইনী জটিলতাই নহয়, ৰোগীৰ জীৱনলৈও বিপদ নামি আহিব পাৰে।  বিগত সময়ত ভাৰতৰ কেইবাখনো ৰাজ্যিক আদালতেও একেটা বিষয়তে উদ্বেগ প্ৰকাশ কৰিছে।

আন্তঃৰাষ্ট্ৰীয় অধ্যয়নতো চিকিৎসকৰ বেয়া হাতৰ আখৰৰ বাবেই বৃহৎ সংখ্যক লোকৰ মৃত্যু হোৱাৰ প্ৰমাণ পোৱা গৈছে। উদাহৰণস্বৰূপে, ১৯৯৯ চনত আমেৰিকান ইনষ্টিটিউট অৱ মেডিচিনৰ এক প্ৰতিবেদনত কোৱা হৈছে যে প্ৰেছক্ৰিপচন অপাঠ্য হোৱাৰ বাবে বছৰি প্ৰায় ৭,০০০ লোকৰ মৃত্যু হয়।

এই প্ৰসংগত ভাৰতীয় চিকিৎসা সংস্থাৰ সভাপতি দিলীপ ভানুশালীয়ে কয়, “আমি আমাৰ সদস্যসকলক চৰকাৰৰ নিৰ্দেশনা মানি চলিবলৈ আৰু প্ৰেছক্ৰিপচন কেপিটল লেটাৰত লিখিবলৈ পৰামৰ্শ দিছো।