NORTHEAST NOW (Assamese)
অসম

শ্ৰেষ্ঠ চিত্ৰনাট্য!! বিদ্যুৎ কটকীৰ ‘শৈশৱতে ধেমালিতে’ই লাভ কৰিলে আন এটা আন্তঃৰাষ্ট্ৰীয় বঁটা

Posted by: এন ই নাও নিউজ August 22, 2018 11:16 am
RainbowFields

মুম্বাইত থকা অসমীয়া চিনেমা পৰিচালক বিদ্যুৎ কটকীয়ে পৰিচালনা কৰা অসমীযা ছবি ‘শৈশৱতে ধেমালিতে’ (Rainbow Fields) নামৰ চিনেমাখনে লাভ কৰিলে আন এটা আন্তঃৰাষ্ট্ৰীয় বঁটা।

আমেৰিকাৰ ট্ৰেজাৰ ক’ষ্ট আন্তঃৰাষ্ট্ৰীয়  চলচ্চিত্ৰ মহোৎসৱত ছবিখনে শ্ৰেষ্ঠ চিত্ৰনাট্যৰ বঁটা লাভ কৰিছে বুলি চিনেমাখন নিৰ্মাতাৰ ফালৰ পৰা জনোৱা হৈছে। সূত্রটোৰ মতে, ‘শৈশৱতে ধেমালিতে’ই আন কেইবাটাও শিতানত মনোনয়ন লাভ কৰিছিল।

উল্লেখযোগ্য যে এই ছবিখনে ইতিপূৰ্বে লছ এঞ্জেলছৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ চলচ্চিত্ৰকে ধৰি তিনিটা বঁটা লাভ কৰিছিল।  আমেৰিকাত বাণিজ্যিকভাৱে মুক্তিপ্ৰাপ্ত প্ৰথমখন অসমীয়া ছবি হিচাপেও পৰিগণিত হৈছিল চিনেমাখন। শেহতীয়াকৈ অহা আন এটা সফলতাই আনন্দিত আৰু উৎসাহিত কৰিছে অসমীয়া চিনেমাজগতক।

ছবিখনৰ মূল বিষয় হ’ল হিংসাজৰ্জৰ পৰিৱেশ-পৰিস্থিতিয়ে প্ৰভাৱ পেলোৱা শিশুৰ শৈশৱ। ইয়াৰ পৃষ্ঠভূমি অসম আন্দোলন। আন্দোলনৰ সময়ত নেলীত হোৱা গণহত্যা আৰু ব্যাপক হিংসাক কাহিনীৰ পটভূমি হিচাপে ব্যৱহাৰ কৰা হৈছে চিনেমাখনত। আন্দোলনৰ অগ্নিময় পৰিৱেশত শিশু-কিশোৰৰ মানসিক জগতখন কেনেকৈ আলোড়িত হৈছিল তাক উপস্থাপন কৰা হৈছে ছবিখনৰ মাজেৰে। ইতিমধ্যে সমালোচকৰো প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে ছবিখন।