NORTHEAST NOW (Assamese)
Popular Stories

নিজ কন্যাক চীনৰ ৰাষ্ট্ৰপতি জিনপিঙে কিয় ক’ৰ’নাতংকৰ আগতে আমেৰিকালৈ পঠিয়াইছিল?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 28, 2020 4:28 pm
index.jpg

ক’ৰ’না ভাইৰাছৰ উৎপত্তি আৰু অপ্ৰতিৰোধ্য নৰ সংহাৰক কেন্দ্ৰ কৰি বিশ্বৰ দুই শক্তিধৰ ৰাষ্ট্ৰ আমেৰিকা আৰু চীনৰ মাজৰ সম্পৰ্ক অহি-নকুল হৈ পৰিছে।

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ক’ৰ’না ভাইৰাছৰ উৎপত্তিকলৈ চীনক অতি কঠোৰ ভাষাত আক্ৰমণ কৰাৰ লগতে নিন্দা কৰাৰ খবৰ বিশ্ব সংবাদ মাধ্যমে প্ৰকাশ কৰি আহিছে।

ট্ৰাম্পে চীনক এই সংক্ৰান্তত ভাবুকি প্ৰদান কৰাৰ ফলত চীন আৰু আমেৰিকাৰ দ্বি-পাক্ষিক সম্পৰ্কত ফাট মেলিছে বুলি আন্তৰ্জাতিক সম্প্ৰদায়ে মন্তব্যও কৰিছে।

সমগ্ৰ বিশ্ব ক’ৰ’নাতংকত ত্ৰস্তমান হৈ থকাৰল সময়তে ক’ৰ’না আৰু WHOক লৈ বিশ্বৰ দুই শক্তিধৰ ৰাষ্ট্ৰৰ মাজত শীতল যুদ্ধ আৰম্ভ হোৱা বুলিও চৰ্চা হৈছে। আমেকিৰাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে মুকলিকৈয়ে চীনক আক্ৰমণ কৰাৰ পলৰক্ষিত হৈছে।

আনহাতে বহু ৰাষ্ট্ৰই চীনৰ পি পি ই কিট আৰু কোভিড১৯ ৰেডিড টেষ্ট কিটকলৈ ব্যৱসায় কৰাৰ বুলিও সমালোচনা কৰিছে।

ইপিনে হাত সাৱতি বহি থকা নাই চীন। বিশ্ব স্বাস্থ্য সংস্থা(WHO)ক কোভিড১৯ সংক্ৰান্তত চীনৰ পক্ষ লোৱাৰ অভিযোগ তুলি ইতিমধ্যে আমেৰিকাই WHO লৈ আগবঢ়োৱা সাহায্য বন্ধ কৰাৰ লগে লগেই চীনে ইয়াৰ প্ৰত্যুত্তৰ দি WHOক ৩ কোটি ড’লাৰ সাহায্য আগবঢ়ায়। আনকি এই ক্ষেত্ৰত আমেৰিকাৰ বৈৰী ৰাষ্ট্ৰ জাপানেও আমেৰিকাৰ পক্ষ লৈ চীন আৰু WHOক আক্ৰমণ কৰিছে।

দুই দেশৰ তেনে এক কূটনৈতিক আৰু ৰাজনৈতিক যুযুধান পৰিস্থিতিতে ইন্টাৰনেশ্যনেল বিজিনেছ টাইমছৰ এক বাতৰিয়ে বিশ্বত খলকনি তুলিছে।

ইন্টাৰনেশ্যনেল বিজিনেছ টাইমছৰ বাতৰি মতে ক’ৰ’না ভাইৰাছৰ অভিকেন্দ্ৰ চীনত ক’ৰ’নাই নৰ সংহাৰ চলোৱাৰ আগে আগে চীনৰ ৰাষ্ট্ৰপতি জিনপিঙে নিজ কন্যাৰ জীৱন সুৰক্ষিত ৰখাৰ স্বাৰ্থত চীনলৈ প্ৰেৰণ কৰিছিল।

উল্লেখ্য যে যোৱা বৰ্ষৰ ডিচেম্বৰত চীনৰ য়ুহান প্ৰদেশত ক’ৰ’না ভাইৰাছৰ উৎপত্তি হোৱাৰ পিছতে চীনত ক’ৰ’নাই নৰসংহাৰ চলাইছিল। প্ৰথমাৱস্থাত কেৱল চীনতে নৰসংহাৰ চলোৱা এই মাৰাত্মক ভাইৰাছ বিধ পিছতহে সমগ্ৰ বিশ্বলৈ সম্প্ৰসাৰিত হয়।

ক’ৰ’নাতংকত সমগ্ৰ চীন স্তব্ধ হৈ পৰাৰ সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰত ক’ৰ’নাই সংক্ৰমণ ঘটা নাছিল আৰু সেই সময়ত চীনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে নিজ কন্যাৰ জীৱন সুৰক্ষিত কৰিবলৈ আমেৰিকালৈ প্ৰেৰণ কৰাৰ কথা পোহৰলৈ আহিছে।

ৰাষ্ট্ৰৰ স্বাৰ্থতকৈ নিজ কন্যাৰ স্বাৰ্থক অধিক অগ্ৰাধিকাৰ দিয়া বুলি এতিয়া ককৰ্থনাৰ সন্মুখীন হৈছে চীনৰ ৰাষ্ট্ৰপতি জিনপিং।

উল্লেখ্য যে চীনৰ ৰাষ্ট্ৰপতিৰ একমাত্ৰ সন্তান জিন মিংঝে আমেৰিকাৰ হাৱাৰ্ড বিশ্ববিদ্যালয়ত শিক্ষা সম্পূৰ্ণ কৰাৰ পিছত ২০১৯ বৰ্ষৰ প্ৰথম ভাগতে বেইজিঙলৈ উভতি আহিছিল।

ইয়াৰ পিছতে চীনত ক’ৰ’নাই নৰ সংহাৰ আৰম্ভ কৰাৰ আগে আগে চীনা ৰাষ্ট্ৰপতি জিনপিঙে নিজ কন্যাক পুনৰ আমেৰিকালৈ প্ৰেৰণ কৰি মাছাচুছেট বিশ্ববিদ্যালয়ত নামভৰ্তি কৰে বুলি প্ৰকাশ পাইছে।

আনহাতে ক’ৰ’না আৰু WHOক লৈ আমেৰিকাৰ সৈতে চীনৰ সম্পৰ্ক ক্ৰমশঃ ঘূণে ধৰাত ৰাষ্ট্ৰপতি জিনপিঙে নিজ কন্যাক আমেৰিকালৈ প্ৰেৰণ কৰি হোৱাইহাউছৰ সৈতে ৰাজনৈতিক আৰু কূটনৈতিক সম্পৰ্ক পুনৰ সজীৱ তথা ঘনিষ্ঠ কৰি তোলাৰ প্ৰয়াস কৰিছে বুলিও বিশ্ব সম্প্ৰদায়ে ধাৰণা কৰিছে।