নৱবৰ্ষত গ্ৰন্থ প্ৰকাশক ৰাকেশ গোস্বামীয়ে অসমবাসীলৈ উপহাৰ দিলে ‘সৰগৰ পৰী’, চাওঁক সম্পূৰ্ণ ভিডিঅ’

কোভিডৰ বিষম পৰিস্থিতিয়ে সমগ্ৰ ৰাজ্যতে এক গোমা পৰিবেশৰ সৃষ্টি কৰাৰ সময়তে দীৰ্ঘদিনৰ বিৰতিত ‘মৰম দিলি চেনেহ দিলি’, ‘দেহাজান’, ‘গছকত ভাঙি যাওঁ যঁতৰ’ আদিৰ বিশিষ্ট সংগীত পৰিচালক অভিজিৎ বৰ্মণে কৰিছে সংগীতৰ এক নতুন সৃষ্টি । সেই সৃষ্টিক প্ৰাণৱন্ত কৰি তুলিছে গ্ৰন্থ প্ৰকাশক ৰাকেশ গোস্বামীয়ে।
গ্ৰন্থ প্ৰকাশক,গায়কৰ ৰূপত এইবাৰ ৰাকেশ গোস্বামী। ৰাজ্যৰ অগ্ৰণী গ্ৰন্থ প্ৰকাশন গোষ্ঠী ‘আৰ. জি. পাব্লিকেশ্বন’ৰ স্বত্বাধিকাৰ ৰাকেশ গোস্বামীয়ে এইবাৰ ‘সৰগৰ পৰী’ শীৰ্ষক এটি নতুন গীতত কণ্ঠদান কৰিছে।
গীতটিৰ কথা, সুৰ আৰু সংগীতেৰে সজাইছে ‘মৰম দিলি চেনেহ দিলি’, ‘দেহাজান’, ‘গছকত ভাঙি যাওঁ যঁতৰ’ আদিৰ দৰে জনপ্ৰিয় গীতসমূহৰ যশস্বী সংগীত পৰিচালক অভিজিত বৰ্মনে। গ্ৰন্থ প্ৰকাশক ৰাকেশ গোস্বামী পেছাগতভাৱে কণ্ঠশিল্পী নহয় যদিও গীতৰ প্ৰতি তেওঁৰ যি ৰাপ সেয়া আজন্ম।
সেই ৰাপৰ বাবেই ৰাকেশ গোস্বামীয়ে অতি সুন্দৰভাৱে গাইছে ‘সৰগৰ পৰী’ শীৰ্ষক গীতটি।
ইতিমধ্যে কুমাৰ ভৱেশে গোৱা চন্দ্ৰধৰ বৰুৱাৰ কালজয়ী কবিতা ‘ধূলিকণা মই’ ৰাকেশ গোস্বামীয়ে সুৰাৰোপ কৰি যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে। গীতটিৰ ভিডিঅ’ চাবলৈ তলৰ লিংকত ক্লিক কৰিব পাৰে।
ক’ভিড কালত মানুহক সজাগ কৰাৰ বাবে কুমাৰ ভৱেশে গোৱা ‘নাযাবা নাযাবা ঘৰৰ বাহিৰত’ গীতটিৰ কথাও ৰাকেশ গোস্বামীৰ।
একেদৰে তেখেতে বাংলালৈ অনুবাদ কৰা কুমাৰ ভৱেশৰ জনপ্ৰিয় ‘পূজা পূজা লাগিছে’ গীতটিকো পুনৰবাৰ মানুহে আকোঁৱালি লৈছে।
ইয়াৰোপৰি ৰাকেশ গোস্বামীয়ে কুমাৰ ভৱেশৰ আন কেইবাটাও জনপ্ৰিয় গীত ৰচনা কৰিছে।
আজি গুৱাহাটীস্থিত স্বৰগম এ ভি ষ্টুডিঅ’ত ৰাকেশ গোস্বামীৰ ‘সৰগৰ পৰী’ শীৰ্ষক গীতটিৰ অডিঅ’ আৰু ভিডিঅ’ আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছে।
দেশৰ আগশাৰীৰ মিউজিক চেনেল ‘টাইমছ মিউজিক এছামিছ’ত আজিৰে পৰা ‘সৰগৰ পৰী’ গীতটি উপলব্ধ হৈছে। নৱবৰ্ষৰ আৰম্ভনিতে গ্ৰন্থ প্ৰকাশক ৰাকেশ গোস্বামীৰ এনে প্ৰয়াসক সকলোৱে আদৰি ল’ব বুলি আশা কৰা হৈছে।