NORTHEAST NOW (Assamese)
অসম

ঋণ অনাদায়, ৰিলায়েন্সৰ মুখ্য কাৰ্যালয় অধিগ্ৰহণ কৰিলে য়েছ বেংকে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 31, 2020 9:06 am
anil-ambani

গভীৰ সংকটৰ গৰাহত পৰিছে ৰিলায়েন্স গ্ৰুপৰ মুৰব্বী অনিল আম্বানী।

বেংকৰ পৰা ঋণৰ উপৰি ঋণ লৈ ধাৰৰ বোজাত পোত যোৱা অনিল আম্বানীৰ ৰিলায়েন্স গ্ৰুপৰ মুন্বাইত থকা মুখ্য কাৰ্যালয় অৱশেষত অধিগ্ৰহণ কৰিলে য়েছ বেংকে ।

মুম্বাইৰ ছান্তাক্ৰুজত থকা ৰিলায়েন্স গ্ৰুপৰ ২১,৪৩২ বৰ্গ মিটাৰ আয়তনৰ মুখ্য কাৰ্যালয়টো ঋণ পৰিশোধ নকৰাৰ বাবেই য়েছ বেংকে অধিগ্ৰহণ কৰিছে।

কেৱল সেয়াই নহ’য়,অনিল আম্বানীৰ মুম্বাইত থকা দুটা ফ্লেটো বেংকটোৱে অধিগ্ৰহণ কৰিছে।য়েছ বেংকৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি বেংকটোৰ পৰা অনিল আম্বানীৰ ৰিলায়েন্স গ্ৰুপে ২ হাজাৰ ৮৯২ কোটি টকাৰ ঋণ লৈছিল।

কিম্তু সেই ঋণ আজিলৈকে পৰিশোধ কৰা নাই।

য়েছ বেংক কৰ্তৃপক্ষই যোৱা ৬ মে’ অনিল আম্বানীলৈ এই সন্দৰ্ভত জাননী প্ৰেৰণ কৰিছিল যদিও দুমাহ উকলি যোৱাৰ পিছতো ঋণ ওভতাই দিয়াৰ কোনো উমঘামেই নেদেখি য়েছ বেংকে বিধি অনুসৰি ৰিলায়েন্স গ্ৰুপৰ মুখ্য কাৰ্যালয়টো অধিগ্ৰহণ কৰে।

উল্লেখ্য যোৱা ২৩ জুনত অনিল আম্বানীয়ে এই বুলি ঘোষণা কৰিছিল যে খুব সোনকালে তেওঁৰ কোম্পানীটোৱে ৬ হাজাৰ কোটি টকাৰ ঋণৰ পৰা মুক্ত হ’বলৈ সক্ষম হ’ব।

কিন্তু অনিল আম্বানীয়ে ভৱা মতে কাম বোৰ হৈ নুঠিল।

সেয়ে ৰিলায়েন্সৰ মুখ্য কাৰ্যালয়েই গ’ল য়েছ বেংকৰ হাতলৈ।