NORTHEAST NOW (Assamese)
দেশ

পুনৰ চৰ্চাত যোগী ৰাজৰ ‘এনকাউণ্টাৰ মডেল’ : ৯ বছৰত সংঘটিত ১৭ হাজাৰ এনকাউন্টাৰৰ ঘটনা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 9, 2026 1:09 pm

পুনৰ উত্তৰ প্ৰদেশৰ এনকাউণ্টাৰ মডেলক লৈ দেশজুৰি পুনৰ আলোচনা আৰম্ভ হৈছে। বিশেষকৈ যোগী আদিত্যনাথৰ শাসনকালত সংঘটিত আৰক্ষী এনকাউণ্টাৰৰ সংখ্যা আৰু তাৰ ফলাফলক লৈ নতুনকৈ বিতৰ্কৰ সৃষ্টি হৈছে।

সূত্ৰৰ খবৰ অনুসৰি, যোগী আদিত্যনাথ মুখ্যমন্ত্ৰী হোৱাৰ পিছৰ প্ৰায় ৯ বছৰত উত্তৰ প্ৰদেশত মুঠ ১৭ হাজাৰ ৪টা আৰক্ষী এনকাউণ্টাৰ সংঘটিত হৈছে। এই সংঘৰ্ষসমূহত ২৮৯ জন অপৰাধী নিহত হৈছে। আনহাতে, অপৰাধীৰ আক্ৰমণত ১৮ জন আৰক্ষী কৰ্মীৰ মৃত্যু হৈছে। আৰক্ষীৰ অভিযানত আহত হৈছে ১১ হাজাৰ ৮৩৪ জন অপৰাধী আৰু গ্ৰেপ্তাৰ কৰা হৈছে ৩৪ হাজাৰ ২৫৩ জনক।

ভাৰতত এনকাউণ্টাৰ কোনো নতুন বিষয় নহয়। সত্তৰৰ দশকত পশ্চিমবংগত নক্সালপন্থীৰ বিৰুদ্ধে অভিযান হওক বা পঞ্জাৱত খালিস্তানী উগ্ৰপন্থীৰ বিৰুদ্ধে আৰক্ষী অভিযান হওক, এনকাউণ্টাৰত মৃত্যুৰ ঘটনা আগতেও বহুবাৰ চৰ্চালৈ আহিছে। কিন্তু বিগত এটা দশকত এই বিষয়ত সৰ্বাধিক আলোচনাত আছে উত্তৰ প্ৰদেশ।

২০১৭ চনত যোগী আদিত্যনাথ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছৰে পৰা ৰাজ্যখনত আৰক্ষীৰ কঠোৰ অভিযান বৃদ্ধি পায়। চৰকাৰৰ মতে, এই কঠোৰ ব্যৱস্থাৰ ফলত ৰাজ্যখনত অপৰাধ কমিছে। কিন্তু মানৱাধিকাৰ কৰ্মী আৰু বিৰোধী দলসমূহে এই এনকাউণ্টাৰসমূহৰ স্বচ্ছতাক লৈ প্ৰশ্ন উত্থাপন কৰি আহিছে। বিষয়টো একাধিকবাৰ উচ্চতম ন্যায়ালয় পৰ্যন্ত গৈছে আৰু আদালতে উত্তৰ প্ৰদেশ চৰকাৰৰ পৰা উত্তৰো বিচাৰিছে।

বাৰুইপুৰৰ ঘটনাৰ পিছতে উত্তৰ প্ৰদেশৰ ফতেহপুৰ আৰু আম্বেদকৰ নগৰত আৰক্ষীৰ সৈতে সংঘৰ্ষৰ দুটা ঘটনাই এই বিতৰ্কক আৰু অধিক তীব্ৰ কৰি তুলিছে। নিহত আৰু আহতসকলৰ ভিতৰত হত্যাকাৰী, ধৰ্ষণকাৰী, ডকাইত, মাফিয়া আৰু বিভিন্ন ধৰণৰ দাগী অপৰাধী থকা বুলি আৰক্ষীয়ে দাবী কৰিছে।

উত্তৰ প্ৰদেশ চৰকাৰে দাবী কৰিছে যে কঠোৰ আইন-শৃংখলা ব্যৱস্থাৰ বাবেই সাধাৰণ মানুহে এতিয়া সুৰক্ষা অনুভৱ কৰিছে। মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে প্ৰায়েই কয় যে এতিয়া উত্তৰ প্ৰদেশত কোনো নাৰী বা কন্যাৰ সৈতে অপমানজনক আচৰণ কৰাৰ সাহস অপৰাধীয়ে নকৰে।

শেহতীয়াকৈ পশ্চিমবংগ বিধানসভাত গুণ্ডা দমন আইন গৃহীত হোৱাৰ পিছত উত্তৰ প্ৰদেশৰ গুণ্ডা দমন অভিযানৰ কথাও পুনৰ চৰ্চালৈ আহিছে। যোগী আদিত্যনাথ মুখ্যমন্ত্ৰী হোৱাৰ পিছতেই উত্তৰ প্ৰদেশত ব্ৰিটিছ আমলৰ গুণ্ডা দমন আইনত সময়োপযোগী সালসলনি কৰা হয়। প্ৰতিখন জিলাত বিশেষ বাহিনী গঠন কৰি দাগী অপৰাধীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰা হয়।

২০২০ চনত কানপুৰৰ কুখ্যাত অপৰাধী বিকাশ ডুবে এনকাউণ্টাৰত মৃত্যু হোৱা ঘটনাই যোগী চৰকাৰৰ এই মডেলক ৰাষ্ট্ৰীয় আলোচনাৰ কেন্দ্ৰলৈ আনে। বিকাশ ডুবেৰ বিৰুদ্ধে কানপুৰত ৮ জন আৰক্ষী কৰ্মীক হত্যা কৰাৰ অভিযোগ আছিল। পিছত মধ্যপ্ৰদেশৰ উজ্জয়িনীৰ পৰা গ্ৰেপ্তাৰ কৰি কানপুৰলৈ আনোতে আৰক্ষীৰ অস্ত্ৰ কাঢ়ি পলাই যাবলৈ চেষ্টা কৰাৰ সময়ত আৰক্ষীৰ গুলীত তেওঁ নিহত হোৱা বুলি উত্তৰ প্ৰদেশ আৰক্ষীয়ে দাবী কৰিছিল।

উত্তৰ প্ৰদেশ আৰক্ষীৰ দাবী, চৰকাৰৰ কঠোৰ নীতিৰ ফলতেই ৰাজ্যখনত অপৰাধৰ হাৰ কমিছে। ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান ৰাজীৱ কৃষ্ণই ৰাষ্ট্ৰীয় অপৰাধ পঞ্জীৰ তথ্য উল্লেখ কৰি দাবী কৰিছে যে দেশৰ প্ৰতি লাখ জনসংখ্যাত অপৰাধৰ হাৰ ২৫২.৩ হোৱাৰ বিপৰীতে উত্তৰ প্ৰদেশত এই হাৰ ১৮০.২।

কিন্তু বিৰোধী দলসমূহে আৰম্ভণিৰ পৰাই এনকাউণ্টাৰক লৈ প্ৰশ্ন উত্থাপন কৰি আহিছে। নিহত আৰু আহতসকলৰ জাতি আৰু ধৰ্মীয় পৰিচয়ক লৈও বিতৰ্ক আছে। সমালোচকসকলৰ মতে, ২০১৭ চনৰ পৰা ২০২৫ চনৰ ভিতৰত আৰক্ষীৰ সৈতে সংঘৰ্ষত ৬৭ জন মুছলমান, ৪২ জন অ’বিচি, ২০ জন ব্ৰাহ্মণ, ১৮ জন ঠাকুৰ, ১৬ জন যাদৱ আৰু ১৪ জন অনুসূচিত জাতিৰ লোক নিহত হৈছে।

সমাজবাদী পাৰ্টীৰ মুৰব্বী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ যাদৱে অভিযোগ কৰিছে যে যোগী চৰকাৰে মুছলমান আৰু অ’বিচিৰ বিৰুদ্ধে প্ৰতিহিংসামূলক আচৰণ কৰিছে। তেওঁৰ দাবী, মিছা গোচৰত নিৰ্দোষ লোকক ফচাই প্ৰকৃত অপৰাধীক সুৰক্ষা দিয়া হৈছে।

এনেদৰে বাৰুইপুৰৰ ঘটনাই কেৱল পশ্চিমবংগতে নহয়, উত্তৰ প্ৰদেশৰ এনকাউণ্টাৰ ৰাজনীতি আৰু আৰক্ষীৰ কঠোৰ মডেলকো পুনৰ দেশজুৰি আলোচনাৰ মাজলৈ আনিছে। আইন-শৃংখলা ৰক্ষাৰ নামত কঠোৰ পদক্ষেপ কিমান দূৰ গ্ৰহণযোগ্য আৰু মানৱাধিকাৰৰ সীমা ক’ত শেষ হয়, সেই প্ৰশ্নই এতিয়া নতুনকৈ গুৰুত্ব লাভ কৰিছে।