NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

নাগৰিকত্বৰ প্ৰমাণ অবিহনে ভোট দিব নোৱাৰিব! নিৰ্বাচনী প্ৰক্ৰিয়াৰ সম্পৰ্কত ডাঙৰ নিৰ্দেশনা ড’নাল্ড ট্ৰাম্পৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 26, 2025 4:10 pm

ড’নাল্ড ট্ৰাম্পে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছৰে পৰা ধাৰাবাহিকভাবে পৰিৱৰ্তন কৰিছে ইটোৰ পিছত সিটোকৈ নিয়ম। ট্ৰাম্পে দীৰ্ঘদিন ধৰি নিৰ্বাচনী প্ৰক্ৰিয়াক এক প্ৰৱঞ্চনা বুলি অভিযোগ উত্থাপন কৰি আহিছে।

এইবাৰ নিৰ্বাচনী প্ৰক্ৰিয়াক লৈ ডাঙৰ নিৰ্দেশ দিছে ট্ৰাম্পে। তেওঁৰ দাবী যে আমেৰিকাৰ নাগৰিকত্বৰ প্ৰমাণ থাকিলেহে ভোটদান সম্ভৱ।

মঙলবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে নিৰ্বাচনী প্ৰক্ৰিয়া সন্দৰ্ভত এই নিৰ্দেশনা দিয়ে। ট্ৰাম্পে কয় যে আমেৰিকাত নিজকে ভোটাৰ হিচাপে পঞ্জীয়ন কৰিবলৈ নাগৰিকত্বৰ প্ৰমাণ বাধ্যতামূলক। এই নিৰ্দেশনাৰ সময়ত তেওঁ ভাৰত আৰু ব্ৰাজিলৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ উদাহৰণ দাঙি ধৰে।

ট্ৰাম্পৰ নিৰ্দেশ অনুসৰি নিৰ্বাচনৰ দিনটোত সকলো নাগৰিকে ভোটদান কৰিব লাগিব। নিৰ্বাচনৰ দিনটোৰ পিছত আৰু ভোটাধিকাৰ প্ৰয়োগ কৰিব নোৱাৰিব।

উল্লেখ্য যে আমেৰিকাৰ কেইবাখনো ৰাজ্যত নিৰ্বাচনৰ পিছতো বেলট গ্ৰহণ কৰা হয়। যাৰ ফলত বিভিন্ন সমস্যাৰ সৃষ্টি হয়।

ইয়াৰ ওপৰিও ট্ৰাম্পে নিৰ্দেশ দিয়ে যে ভোটদানৰ বাবে কাগজৰ বেলট বাধ্যতামূলক কৰা হ’ব।

অৱশ্যে ৰাষ্ট্ৰপতি ট্ৰাম্পৰ এই নিৰ্দেশ আচলতে কাৰ্যকৰী হ’ব নে নহয় সেই লৈ প্ৰশ্ন উত্থাপন হৈছে। ইতিমধ্যে ডেম’ক্ৰেটসকলে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছে। হয়তো আদালতত প্ৰত্যহ্বান জনাই আবেদনো দাখিল কৰিব পাৰে ডেম’ক্ৰেট সকলে।