NORTHEAST NOW (Assamese)

“আপোনাৰ নামৰ আগত ডাক্তৰ লিখাৰ কোনো অধিকাৰ নাই”: ৪ বছৰীয়া ধৰ্ষিতা শিশুক চিকিৎসা নিদিয়াৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ কঠোৰ সকিয়নী

July 17, 2026 4:06 pm · এন ই নাও নিউজ, গুৱাহাটী

শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে উত্তৰ প্ৰদেশৰ গাজিয়াবাদত এগৰাকী চাৰি বছৰীয়া ধৰ্ষিতা শিশুক চিকিৎসা প্ৰদান কৰিবলৈ অস্বীকাৰ কৰা দুখন বেচৰকাৰী চিকিৎসালয়ক তীব্ৰ ভৰ্ৎসনা কৰে। চিকিৎসাৰ অভাৱত পৰৱৰ্তী সময়ত শিশুটিৰ মৃত্যু হৈছিল। চিকিৎসালয় দুখনৰ এনে আচৰণক নিৰ্দয় আৰু নিষ্ঠুৰ বুলি আখ্যা দি উচ্চতম ন্যায়ালয়ে তেওঁলোকক ভুক্তভোগী পৰিয়ালটোক ক্ষতিপূৰণ দিবলৈ নিৰ্দেশ দিছে।

উচ্চতম ন্যায়ালয়ৰ খং বিশেষকৈ এগৰাকী আয়ুৰ্বেদিক চিকিৎসকৰ ওপৰত আছিল যিগৰাকীয়ে শিশুটিক প্ৰাথমিক চিকিৎসা প্ৰদান কৰাত ব্যৰ্থ হৈছিল। মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ নেতৃত্বাধীন তিনিজনীয়া বিচাৰপীঠে চিকিৎসকগৰাকীক কঠোৰ ভাষাৰে কয় যে যদি তেওঁ নিজৰ দায়িত্ব পালন কৰিব নোৱাৰে, তেন্তে তেওঁৰ নামৰ আগত ডাক্তৰ লিখাৰ কোনো অধিকাৰ নাই।

ন্যায়ালয়ে চিকিৎসকগৰাকীক প্ৰশ্ন কৰে যে তেওঁৰ ওচৰত যদি চিকিৎসাৰ সুবিধা নাছিল, তেন্তে তেওঁৰ সংবেদনশীলতা থকা উচিত আছিল আৰু শিশুটিক আন এখন চিকিৎসালয়লৈ লৈ যোৱা উচিত আছিল। শিশুটি দুখীয়া হোৱাৰ বাবেই তেওঁক আওকাণ কৰা হল নেকি বুলিও ন্যায়ালয়ে প্ৰশ্ন উত্থাপন কৰে। এটা জঘন্য অপৰাধৰ বলি হোৱা শিশুক চিকিৎসা নিদিয়াটো অতিশয় নিৰ্দয় কাম বুলি মুখ্য ন্যায়াধীশে মন্তব্য কৰে আৰু জৰিমনা বিহাৰ জৰিয়তে পৰিয়ালটোক উচিত ক্ষতিপূৰণ দিয়াৰ কথা উল্লেখ কৰে।

এই হৃদয় বিদাৰক ঘটনাটো চলিত বৰ্ষৰ মাৰ্চ মাহত উত্তৰ প্ৰদেশৰ গাজিয়াবাদত সংঘটিত হৈছিল। পৰিয়ালৰ লোকে অভিযোগ কৰা মতে, তেওঁলোকৰ এজন ওচৰ-চুবুৰীয়াই শিশুটিক চকলেট দিয়াৰ চলেৰে লৈ গৈছিল। যেতিয়া তাই ঘূৰি অহা নাছিল, তেতিয়া বিচাৰ-খোচাৰ কৰাৰ পিছত তাইক অচেতন আৰু তেজৰে লুতুৰি-পুতুৰি অৱস্থাত উদ্ধাৰ কৰা হৈছিল।

পৰিয়ালটোৱে অভিযোগ কৰে যে শিশুটিক প্ৰথমে দুখন বেচৰকাৰী চিকিৎসালয়লৈ নিয়া হৈছিল যদিও তেওঁলোকে ভৰ্তি কৰিবলৈ অস্বীকাৰ কৰে। ইয়াৰ পিছত তাইক গাজিয়াবাদ জিলা চিকিৎসালয়লৈ নিয়া হয়, ত চিকিৎসকসকলে তাইক মৃত বুলি ঘোষণা কৰে। ইয়াৰ পিছতে তদন্ত আৰু চিকিৎসাৰ ক্ষেত্ৰত হোৱা গাফিলতিৰ অভিযোগ তুলি পৰিয়ালটোৱে উচ্চতম ন্যায়ালয়ৰ কাষ চাপে।

এপ্ৰিল মাহত উচ্চতম ন্যায়ালয়ে এই ঘটনাৰ এছ আই টি তদন্তৰ নিৰ্দেশ দিছিল, ত চিকিৎসালয়সমূহে সময়মতে চিকিৎসা প্ৰদান নকৰাৰ কথা পোহৰলৈ আহে। ইয়াৰ পূৰ্বৰ শুনানিত ন্যায়ালয়ে গাজিয়াবাদ আৰক্ষীকো তেওঁলোকৰ তদন্তৰ গাফিলতিৰ বাবে কঠোৰ ভাষাৰে ককৰ্থনা কৰিছিল। আৰক্ষীয়ে ঘটনাৰ এদিন পিছতহে এজাহাৰ ৰুজু কৰিছিল আৰু মৰণোত্তৰ পৰীক্ষাত শিশুটিৰ গোপন অংগত আঘাতৰ চিন পোৱাৰ পিছতো আৰম্ভণিতে পকচো আইন আৰু ধৰ্ষণৰ ধাৰা সন্নিৱিষ্ট কৰা নাছিল। সমগ্ৰ ঘটনাটো গাপ দিয়াৰ চেষ্টা কৰা হৈছিল বুলি সন্দেহ কৰি ন্যায়ালয়ে এই কঠোৰ পদক্ষেপ গ্ৰহণ কৰে।

 

Related News